ডিজিটেল সংবাদ,কাজিৰঙাঃ অক্টোবৰৰ মাহৰ পৰা উদুলি মুদুলি হ'ব কাজিৰঙাৰ পদুলি ৷ দেশ বিদেশৰ পৰ্যটকক আদৰিবলৈ সাজু এতিয়া সকলো ৷উল্লেখ্য যে কাজিৰঙালৈ অহা পৰ্যটকে কেৱল কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰাতে সীমাবদ্ধ নাথাকে ৷ তেওঁলোকে উপভোগ কৰাৰ আশা কৰে দাঁতিকাষৰীয়া ৰাইজৰ সাধাৰণ জীৱন প্ৰণালী ৷ একাংশ পৰ্যটকে আশা কৰে অসমৰ পৰম্পৰা ঐতিহ্য কলা সংস্কৃতি দৰ্শন কৰাৰ ৷
উল্লেখ্য যে কাজিৰঙা বচাগাঁৱৰ "কাজিৰঙা হাট"ত পৰ্যটকক সন্মান সহকাৰে আদৰে মহিলা সকলে ৷ইয়াৰ পাছতে পৰ্যটক সকলক উপভোগ কৰাই অসমৰ থলুৱা সাজপাৰৰ লগতে অসমৰ কৃষ্টি সংস্কৃতি ৷ তদুপৰি অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ জুতি লাভ কৰে এই কাজিৰঙা হাটত ৷
কাজিৰঙাত ২০০৪ চনৰ পৰাই কাজিৰঙা হাট নামৰ মহিলাৰ প্ৰতিষ্ঠানখনে কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে ৷ পলিথিন মুক্ত কাজিৰঙা গঢ় দিয়াৰ উদ্দেশ্য হাতত লৈ গাওঁৰ মহিলাসকল একত্ৰিত হৈ কেইবাখনো তাতশালত বোৱা-কটা কৰি উৎপাদন হোৱা সামগ্ৰীসমুহ বিক্ৰী কৰে কাজিৰঙা হাটৰ দ্বাৰা ৷ কাজিৰঙা হাটৰ উদ্যোক্তা ৰূপজ্যোতি শইকীয়া গগৈয়ে গাওঁৰ মহিলাসকলক একত্ৰিত কৰি তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ তৈয়াৰ কৰি এক আদৰ্শ হৈ পৰিছে ৷