ডিজিটেল সংবাদ, কাজিৰঙাঃ কাৰ্বি আংলঙৰ সেউজ পাহাৰত চলিছে বন ধ্বংসৰ অঘোষিত প্ৰতিযোগিতা ৷ খোদ চৰকাৰী বিভাগৰ পৃষ্ঠপোষকতাত ধ্বংস কৰা হৈছে কাজিৰঙাৰ আশীৰ্বাদস্বৰূপ কাৰ্বি পাহাৰ ।এফালে ৰাজ্য চৰকাৰৰ উদ্যোগত গছ পুলি ৰূপনৰ কাৰ্যসূচী আনফালে চৰকাৰৰ পৃষ্ঠপোষকতাত অবাধ গতিত বন ধ্বংস ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত পাহাৰ ধ্বংস কৰি চলা নিৰ্মান কাৰ্যই কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰতিও যে ভাবুকিৰ সৃষ্টি কৰিব তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই সংশ্লিষ্ট চৰকাৰী বিভাগ সমূহৰ ৷ বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ ত্ৰাণকৰ্তা স্বৰূপ কাৰ্বি পাহাৰৰ অবাধ খননে বন্যজন্তুৰ প্ৰতি সৃষ্টি কৰা ভাবুকিক আওকাণ কৰিঅব্যাহত থকা পাহাৰ ধ্বংসৰ বিৰোদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত৷
মনোৰম কাৰ্বিপাহাৰত কেন্দ্ৰীয় চৰকাৰৰ একলব্য ৰেচিডেঞ্চিয়েল স্কুল প্ৰজেক্ট নিৰ্মানৰ বাবে পাহাৰৰ এটা বৃহৎ অংশ খহাই নিৰ্মান কাৰ্যৰ প্ৰস্তোতি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সমাজ সচেতন লোকসকলে ৷২০১৯ চনতে সৰ্বোচ্চ ন্যায়ালয়ে কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি পাহাৰত খনন কাৰ্যত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো চৰকাৰী পক্ষৰ জ্ঞাতসাৰে চলি আছে পাহাৰ ধ্বংস ৷
এই ক্ষেত্ৰত ৰাইজৰ দাবী কাজিৰঙাৰ বন্যজন্তুৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহন কৰক ৷ উন্নয়নৰ নামত বন ধ্বংস কৰা নচলিব বুলিও স্পষ্ট মত প্ৰকৃতিপ্ৰেমীসকলৰ ৷নিষেধাজ্ঞাৰ পাছতো খোদ চৰকাৰেই কাৰ্বি পাহাৰ ধ্বংসত নামি পৰাটো দুখজনক আখ্যা প্ৰকৃতিপ্ৰেমীৰ ৷প্ৰকৃতি ধ্বংস কৰি উন্নয়ন হবই নোৱাৰে বুলি কোৱাৰ লগতে অতি সোনকালে এই নিৰ্মাণকাৰ্য্য বন্ধৰ দাৱী জনাইছে সকলোৱে ৷
Also Read: কটন বিশ্ববিদ্যালয়ত মানসিক স্বাস্থ্য আৰু সুস্থ ব্যক্তিত্ব সম্পৰ্কীয় ১০০ বক্তৃতানুষ্ঠান