ডিজিটেল সংবাদ, কাজিৰঙাঃ বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ হৈ কাজিৰঙাত প্ৰতিবাদ সাব্যস্ত চাহ শ্ৰমিকৰ ৷ ৮ ঘণ্টা বিদ্যুৎ কৰ্তন কৰাৰ পাছত অতিষ্ঠ হৈ ৰাজপথলৈ ওলাই আহিল শতাধিক যুৱক ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকে।
অতুল বৰা মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰে বৰজুৰিৰ ৰাজপথ ৷ মুখ্যমন্ত্ৰীয়ে এটা দিনত মাত্ৰ দুঘণ্টা বিদ্যুৎ কৰ্তনৰ কথা ঘোষণাৰ বিপৰীতে ৰাইজৰ অভিযোগ যে বোকাখাত বিদ্যুৎ বিভাগে ২৪ ঘণ্টাৰ মাত্ৰ ২ ঘণ্টাহে বিদ্যুৎ যোগান ধৰে ৷
Also Read: চাহ শ্ৰমিকৰ দাবী মানি লবলৈ বাধ্য হ'ল অসম চৰকাৰঃ চৰকাৰক ধন্যবাদ আটাছাৰ