ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাত পুনৰ ব্যক্তিগত হাতী মাউতৰ দৌৰাত্ম্য। গাদী নোহোৱাকৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰ্যটকক বিপদসংকুলভাৱে হাতী চাফাৰী মাউতৰ। এই অভিযোগৰ পিছতেই ব্যৱস্থা গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে কহঁৰা আৰক্ষীয়ে।
উল্লেখ্যে যে, বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে বন্ধ জীপ আৰু হাতী চাফাৰী। কিন্তু একাংশ হাতী মাউতে একমাত্ৰ ধন ঘটাৰ মানসেৰে কাজিৰঙাৰ ৰাজপথতে পৰ্যটকক হাতী চাফাৰী কৰোৱাৰ ঘটনা পোহৰলৈ আহিছে।
কাজিৰঙাৰ কহঁৰাৰ ব্যক্তিগত চাফাৰীত ব্যৱহাৰ হোৱা দাস উপাধিৰ ব্যৱসায়ীজনৰ মালিকানাধীন বাবু নামৰ হাতীটোৰ মাউতে কোনো গাদী নোহোৱাকৈ অতি বিপদজনকভাৱে পৰ্যটকক ৰাষ্ট্ৰীয় ঘাইপথত হাতী চাফাৰী কৰোৱাৰ দৃশ্য কেমেৰাত বন্দী হয়। আৰু এই ঘটনাৰ অভিযোগ বন বিভাগে লাভ কৰাৰ পিছতেই বাবু নামৰ হাতীটোৰ মাউতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।
কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত পৰ্যটকক এনেকৈ হাতী চাফাৰী কৰোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। একাংশ হাতী মালিকৰ জ্ঞাতে বা অজ্ঞাতেই মাউতসকলে এনেকৈ পূৰ্বতেও হাতীক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। কেৱল ইমানেই নহয়, কাজিৰঙাত একাংশ ব্যক্তিগত হাতীৰ মাউতে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত হাতী থৈ ধন সংগ্ৰহ কৰাৰ ঘটনাও সাধাৰণ ঘটনালৈ পৰিণত হৈছে।
Also Read: বোকাখাতত মীন আইন উলংঘা কৰি ৰাজহুৱা মৎস্য চিকাৰ...