ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ মিহিমুখৰ এক উছৱমুখৰ পৰিৱেশৰ মাজত দেওবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হয় বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নাৰিকল ভাঙি আৰু ফিটা কাটি আজি ২০২৩-২৪ পৰ্যটন বৰ্ষৰ দ্বাৰ মুকলি কৰে ৷ অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, বন বিভাগৰ জ্যেষ্ঠ বিষয়া সন্দীপ কুমাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড° সোণালী ঘোষ, বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰা, বিজেপিৰ ৰাজ্যিক কৰ্মকৰ্তা অনিমেষ শইকীয়া প্ৰমুখ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যান্য বিষয়া, কাজিৰঙা জীপ ছাফাৰী সন্থাৰ বিষয়ববীয়া, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ বিষয়ববীয়া, কাজিৰঙা অধ্যয়ন চক্ৰৰ সদস্য, যুৱ পৰ্যটন ক্লাৱ তথা স্থানীয় ৰাইজৰ উপস্থিতিত দুয়ো গৰাকী মন্ত্ৰী মিহিমুখত উপস্থিত হোৱাৰ গায়ন-বায়নৰ দলে উষ্ম আদৰণি জনায়৷
তাৰ পাছতেই কাজিৰঙা নিৱাসী অনাতাঁৰ শিল্পী নুনুসিং কৰ্মকাৰৰ নেতৃত্বৰ ঝুমইৰ আৰু কাজিৰঙাৰ স্থানীয় বিহু দলে অতিথিসকলক আদৰণি আনে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ মিহিমুখত বিহু আৰু ঝুমইৰ নৃত্য-গীতৰে উলহ-মালহ পৰিৱেশত বনাঞ্চল মুকলি কৰে। তাৰ পাছতে মন্ত্ৰী অতুল বৰাসহ বনমন্ত্ৰী পাটোৱাৰীয়ে চাৰিটা বিভাগীয় আহাৰ খুৱায়৷
খোলা জীপছি গাড়ীত উঠি সকলো অতিথি ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰি কাজিৰঙাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে তেওঁলোকে৷ মন্ত্ৰী তথা অতিথিৰ স’তে কাজিৰঙা অধ্যয়ন চক্ৰৰ সদস্য-সদস্যা তথা ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ চিত্ৰাংকন প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱা হয়৷
উদ্যান দৰ্শন কৰি বনমন্ত্ৰীয়ে কয় যে শেহতীয়া বানৰ পাছত আজি মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা পৰিৱেশে আগন্তুক পৰ্যটন বৰ্ষত আপ্লুত কৰিব পৰ্যটকক৷ কাজিৰঙাৰ নৈসৰ্গিকত সময় উদযাপন কৰিবলৈ পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা কৰিব পাৰি৷ আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পক লৈ বৃহৎ এলেকাত এই পৰ্যটন বৰ্ষৰ বাবে আৰম্ভ কৰা কেইবাটাও নতুন সংযোজনে বিগত বৰ্ষৰ তুলনাত কাজিৰঙালৈ আগমণ বৃদ্ধি কৰিব বুলি আশাবাদী বুলি প্ৰকাশ বনমন্ত্ৰী পাটোৱাৰীয়ে৷ আজি পুৱা কাজিৰঙাৰ দ্বাৰ মুকলিৰ পাছতেই পিছবেলালৈ কাজিৰঙাত উপস্থিত হোৱা পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে৷ ইপিনে, পুৱাৰ ভাগত ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পূৰ্বে বনমন্ত্ৰী গৰাকীয়ে বনবিভাগৰ কহঁৰাস্থিত শতবৰ্ষ উদযাপন কেন্দ্ৰত এটি পুথিভঁৰাল মুকলি কৰে৷
চাইক্লিং সেৱা মুকলিঃ কাজিৰঙা ভ্ৰমণৰ বাবে অহা দেশী-বিদেশী পৰ্যটকসকলে যাতে চাইক্লিঙৰ জৰিয়তে কাজিৰঙাৰ সমীপৱৰ্তী অঞ্চলসমূহ ভ্ৰমণৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবেই কাজিৰঙাত চাইক্লিং সেৱা মুকলি কৰা হয় ৷ ইংলেপথাৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সহযোগত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত আজি আয়োজিত "কাজিৰঙা চাইক্লিং"ৰ শুভাৰম্ভণী অনুষ্ঠানটি দুয়োগৰাকী মন্ত্ৰীয়ে মুকলি কৰে৷
Also Read: বুবুল শৰ্মাৰ 'কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতন্দ্ৰ প্ৰহৰী-হাতী আৰু মাউত' উন্মোচন