কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষৰ আজব কাণ্ড...

পৰ্যটকক জীপত লৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰলৈ লৈ যাব চোৰাং চিকাৰী আৰু চোৰাং কাঠ বেপাৰীও
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষৰ আজব কাণ্ড...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ল ১অক্টোবৰ, ২০২৪ত। ৰাষ্ট্ৰীয় উদ্যানখনৰ চাৰিটা ৰেঞ্জৰ ভিতৰত তিনিটা ৰেঞ্জতে দেশ-বিদেশৰ পৰ্যটকে জীপ ছাফাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শনৰ সুযোগ লাভ কৰিব।

পিছে গুৰুত্বপূৰ্ণ কথাটো হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষৰ কৃপাত এইবাৰ পৰ্যটকক জীপত ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰলৈ লৈ যাব চোৰাং চিকাৰী আৰু চোৰাং কাঠ বেপাৰীয়ে।

বুঢ়া পাহাৰ ৰেঞ্জৰ পৰা পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ নিব লগা প্ৰথমখন জীপ ছাফাৰীৰ তালিকা ৩০ছেপ্টেম্বৰ ২০২৪ত প্ৰকাশ কৰা হৈছিল। বন বিভাগে চিঠি নং- বি/ডব্লিউ এল জি/জীপ ছাফাৰী/২০২৪-২৫/৫২৮৯-৯০ৰ জৰিয়তে বুঢ়া পাহাৰ ৰেঞ্জত চলিব লগা জীপ ছাফাৰীৰ তালিকা প্ৰকাশ কৰিছিল। জীপ ছাফাৰী ভেহিকুল ইনছপেকশ্যন কমিটীৰ অধ্যক্ষই চূড়ান্ত কৰি দিয়া এই তালিকাখন বুঢ়া পাহাৰ ৰেঞ্জাৰ অফিচলৈ প্ৰেৰণ কৰিছিল ইষ্টাৰ্ণ আসাম ৱাইল্ড লাইফ ডিভিজনৰ ডি এফ অ গৰাকীয়ে।

লক্ষ্যণীয় যে, এই তালিকাত মুঠ ১৬খন জীপক কাজিৰঙাৰ বুঢ়া পাহাৰৰ পৰা ছাফাৰীৰ বাবে অনুমতি দিয়া হৈছে। সেই তালিকাত থকা ১৬নং বি আৰ- ১৪ জীপ খন এজন চোৰাং চিকাৰীৰ পৰিয়ালৰ। এ এছ-১২কিউ-৪৩৬৭ নম্বৰৰ এই জীপখনৰ গৰাকীৰ নাম ৰোহন আহমেদ। তেওঁৰ ঘৰ জখলাবন্ধাৰ হাৰমতীত।

ৰোহন আহমেদৰ দেউতাক আছিল চোৰাং গড় চিকাৰৰ সৈতে জড়িত। তেওঁৰ নাম মোস্তাফ আলী। সেই সময়ৰ ৰেঞ্জাৰ কুশল কুমাৰ ডেকাৰ দিনত গড়ৰ চোৰাং চিকাৰ অপৰাধত তেওঁ ৩ মাহকৈ কাৰাবাস খাটিছিল।

সেই মোস্তাফ আলীৰ পুত্ৰকে কাজিৰঙাত জীপ ছাফাৰীৰ অনুমতি প্ৰদান কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিৰ্তকিত সঞ্চালিকা সোণালী ঘোষে। আহমেদৰ পৰিয়ালৰ প্ৰায় সংখ্যক লোকেই গড়ৰ চোৰাং চিকাৰৰ সৈতে জড়িত থকাৰ অভিযোগ আছে। তেওঁ খুৰাক মানিক আলীক এই অভিযোগত তিনিবাৰকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু গড়ৰ খৰ্গও তেওঁৰ পৰা উদ্ধাৰ হৈছিল।

সেইজন ৰোহন আহমেদৰ গাড়ীকে জীপ ছাফাৰীৰ বাবে অনুমতি প্ৰদানেৰে দিয়া প্ৰমাণ পত্ৰত স্বাক্ষৰ কৰিছে সোণালী ঘোষে।এই জীপখনত পৰ্যটকক লৈ চালক ৰূপত যাব ৰোহন আহমেদেই।

উল্লেখযোগ্য যে, জীপ ছাফাৰীৰ বাবে জীপসমূহৰ পৰীক্ষা, প্ৰশিক্ষণ আদি সকলো তদাৰক কৰে সোণালী ঘোষে। সেই সুযোগতে তেওঁ ইচ্ছা অনুসৰি যি মন যায় তাকে কৰিবলৈ যাওতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টিৰ সম্ভাৱনাই দেখা দিছে।

কিয়নো এনে কৰাৰ ফলত পৰ্যটকক লৈ কাজিৰঙাৰ ভিতৰলৈ যাওতে যিকোনো ধৰণৰ তথ্য এইসকল লোকৰ জৰিয়তে চোৰাং চিকাৰীৰ হাতলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে ২০২৪-২৫বৰ্ষৰ বাবে নিৰ্বাচন কৰা বুঢ়া পাহাৰ ৰেঞ্জৰ প্ৰথমখন তালিকাৰ ১৬নং ক্ৰমিক নম্বৰত থকা জীপখনৰ মালিকো এজন দুৰ্ধষ চোৰাং কাঠৰ বেপাৰী।

বি আৰ- ১৬ আৰু এ এছ-০১এফ জেদ-৭৪৫২ নম্বৰৰ এই জীপখনৰ মালিক ইউচুফ আলী। জখলাবন্ধাৰ বৰডালং গাঁৱৰ ক্ষেমত আলীৰ পুত্ৰ ইউচুফে চোৰাং কাঠৰ ব্যৱসায় কৰাৰ কথা সাধাৰণ লোকৰ লগতে বন বিভাগৰ সকলো লোকেই জানে।

তাৰ পাছতো সোণোলী ঘোষৰ কৃপাতে কাজিৰঙাত পৰ্যটকক লৈ জীপ ছাফাৰী কৰাৰ সুবিধা পাইছে ইউচুফে। কিশোৰ নেৱাঁৰ নামৰ এজন চালকৰ জৰিয়তে ইউচুফে কাজিৰঙাত জীপ ছাফাৰী কৰাৰ চেষ্টা কৰিছিল এইবাৰ।

এই কিশোৰ আছিল নগাওঁ বন সংমণ্ডলৰ অধীনত থকা জখলাবন্ধা বিট অফিচৰ অস্থায়ী গাড়ী চালক। চাকৰিত থকা সয়মত তে্ওঁ চোৰাংকৈ গছ কাটি বিক্ৰী কৰাৰ অপৰাধত অভিযুক্ত হোৱাত চাকৰিৰ পৰা খেদা খোৱাৰ লগতে তেওঁৰ চালকৰ অনুজ্ঞা পত্ৰও বাতিল আৰু ব্লেক লিষ্টটেড কৰা হয় বন বিভাগত। সেয়েহে ইউচুফে চাদ্দাম হাৱালাদাৰ এজন গাড়ী চালকৰ জৰিয়তে এইবাৰ বুঢ়া পাহাৰৰ পৰা জীপ ছাফাৰী কৰাব।

এইখিনিতে মন কৰিব লগা যে, বন বিভাগৰ পৰা প্ৰকাশ কৰা তালিকাত চালকসকলৰো সবিশেষ ঠিকনা থাকিব লাগে যদিও ইউচুফ আলীৰ জীপৰ বিপৰীতে থকা চাদ্দাম নামৰ চালকজনৰ ঠিকনা কেৱল ৰঙালু,নগাওঁ বুলিহে উল্লেখ আছে।

আন এক তথ্য মতে, এইবাৰ বুঢ়া পাহাৰ ৰেঞ্জৰ পৰা জীপ ছাফাৰীৰ বাবে অনুমতি দিয়া বহুকেইখন গাড়ী পূৰ্বতে বাগৰি ৰেঞ্জৰ পৰা চলিছিল। বিভিন্ন কাৰনত বাগৰিৰ পৰা তেওঁলোকক জীপ ছাফাৰীৰ অনুমতি নিদিয়াত সেইসকলে এতিয়া বুঢ়াপাহাৰ ৰেঞ্জত অনীতিগতভাৱে জীপ ছাফাৰীৰ অনুমতি লাভ কৰিছে।

চুলতান শ্বেখৰ এ এছ ০৯ এফ ৬২১১, আনোৱাৰ হুচেইনৰ এ এছ ০৯ এফ ৬১৯৯, বিকাশ গোস্বামীৰ এ এছ ১২ কিউ ৩২০৩, ৰোহন আহমেদৰ এ এছ ১২ কিউ ৪৩৬৭ নম্বৰৰ জীপকেইখনে পূৰ্বতে বাগৰি ৰেঞ্জৰ পৰা জীপ ছাফাৰী কৰিছিল। এনে আসোৱাঁহপূৰ্ণ আৰু পূৰ্বতে কাজিৰঙাৰ ভিতৰত বিভিন্ন অপৰাধ সংঘটিত কৰা উদাহৰণ থকা ব্যক্তি তথা পৰিয়ালৰ জীপ কি কাৰনত জীপ ছাফাৰীৰ বাবে নিৰ্বাচিত কৰা হ’ল, সেয়া তদন্ত কৰিলে আন বহু কথা পোহৰলৈ আহিব।

জীপ ছাফাৰীৰ বাবে থকা নীতি-নিয়ম অমান্য কৰাৰ অপৰাধতে তেওঁলোকৰ বিৰুদ্ধে বাগৰি জীপ ছাফাৰী সন্থাই ব্যৱস্থা গ্ৰহণ কৰিছিল। তেনে জীপৰ একাংশ মালিককে বন বিভাগৰ উচ্চ পদস্থ বিষয়াই আন এটা ৰেঞ্জত এই সুবিধা প্ৰদান কৰাত জীপ ছাফাৰী সন্থাৰ কৰ্মকতাৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কাজিৰঙাৰ স্থানীয় তথা সচেতন ব্যক্তি তথা সংগঠনেও এইধৰণৰ লোকক কাজিৰঙাত জীপ ছাফাৰীৰ বাবে অনুমতি দিয়াক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্তি কৰিছে। যিসময়ত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাক লৈ সচেতন আৰু কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা গৈছে, সেই সময়তত সোণোলী ঘোষ নামৰ এই বন বিষয়াগৰাকীৰ কৰ্মকাণ্ডই সেই স্থিতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ শংকাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ১অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা অনুষ্ঠান বাগৰিত আয়োজন কৰি সমালোচনাৰ সন্মুখীন হৈছিল এইগৰাকী বন বিষয়া। পূৰ্বতে কহঁৰাত এই অনুষ্ঠানত অনুষ্ঠিত হৈছিল। সেই পৰম্পৰা ভংগ কৰি তেওঁ অবিবেচক সিদ্ধান্ত লৈ তেওঁ বাগৰিত ২০২৪-২৫বৰ্ষৰ পৰ্যটকক বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি অনুষ্ঠান আয়োজন কৰিছিল।

প্ৰণিধানযোগ্য যে, বন বিভাগৰ তলৰ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ সৈতেও বিশেষ সুসম্পৰ্ক ৰক্ষা নকৰে এইগৰাকী বিষয়াই। ইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ নামত অহা উন্নয়নৰ পুঁজি কেনেদৰে তেওঁ ক’ত ব্যয় কৰে তাক লৈও ইতিমধ্যে প্ৰশ্নৰ উত্থাপন হৈছে।

বিৰ্তকিত এই বিষয়াগৰাকীৰ বিৰুদ্ধে তথ্য সহকাৰে চোৰাং চিকাৰী আৰু চোৰাং কাঠ বেপাৰীৰ জীপ ছাফাৰীৰ বাবে অনুমতি দিয়াৰ অভিযোগ উঠাৰ পাছত সেই জীপকেইখনৰ অনুমতি বাতিল হ’বনে, সেয়া এতিয়া লক্ষ্যণীয় হ’ব।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষৰ আজব কাণ্ড...
চিৰাং সত্ৰ ন্যায়াধীশ আদালতে ৬ জনক দিলে যাৱজ্জীৱন কাৰাদণ্ড, ১০ হাজাৰৰ জৰিমণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in