কাজিৰঙাত পৰ্যটক-অৰ্কিড উদ্যানৰ কৰ্মীৰ দ্বাৰা সুধাকন্ঠক স্মৰণ...

কাজিৰঙাত পৰ্যটক-অৰ্কিড উদ্যানৰ কৰ্মীৰ দ্বাৰা ড° ভূপেন হাজৰিকাক স্মৰণ...

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত পৰ্যটক-অৰ্কিড উদ্যানৰ কৰ্মীৰ দ্বাৰা সুধাকন্ঠক স্মৰণ...

ডিজিটেল সংবাদ, কাজিৰঙাঃ সমগ্ৰ ৰাজ্যৰ লগতে কাজিৰঙাতো বিভিন্ন কাৰ্যসূচীৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যু তিথি উদযাপন কৰা হয়। কাজিৰঙাৰ দুৰ্গাপুৰস্থিত কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানৰ প্ৰবেশ দ্বাৰত নতুনকৈ নিৰ্মাণ কৰা ৰাজ্যখনৰ কেইবাজনো শিল্পী, সকলো কলা কৃষ্টি, সংস্কৃতি প্ৰধানকৈ ভূপেন হাজৰিকাৰ ভাস্কৰ্য খোদিত থকা তোৰণখনৰ তলত অৰ্কিড উদ্যানৰ সমূহ বিষয়া-কৰ্মচাৰী একত্ৰিত হৈ ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথিত তেখেতক স্মৰণ কৰে।

অনুষ্ঠানত কেইবাগৰাকী পৰ্যটকো উপস্থিত থাকে৷ উল্লেখ্য অসমৰ সকলো কলা কৃষ্টি-সংস্কৃতিৰ সৈতে জড়িত প্ৰত্যেকেটো অংগক এইখন তোৰণত খোদিত কৰা হৈছে৷ প্ৰধানকৈ অসমৰ আধুনিক সংস্কৃতিক জগতৰ ত্ৰিমূৰ্তি বুলি পৰিচিত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু ড° ভূপেন হাজৰিকাৰ ভাস্কয্য কাজিৰঙাৰ অৰ্কিড উদ্যানৰ প্ৰবেশদ্বাৰৰ তোৰণত খোদিত কৰাৰ কাম সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ দিনা অৰ্থাৎ আজিৰ দিনটোত সম্পূৰ্ণ হোৱাত কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানৰ সকলো কৰ্মী -বিষয়াৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকে সুধাকন্ঠজনক স্মৰণ কৰি তোৰণখনৰ তলত একত্ৰিত হৈ "মানুহে মানুহৰ বাবে" সুধাকন্ঠৰ কালজয়ী গীত আওৰাই আজিৰ মৃত্যু তিথিত শ্ৰদ্ধা নিবেদন কৰে।

ইফালে কাজিৰঙাৰ কহঁৰাত অৱস্থিত টোকোৰা দ্য ক্ৰিয়েচনত ভিজুৱেল আৰ্ট একাডেমী পৰিয়ালৰ সহযোগত 'সুধাকণ্ঠৰ স'তে এসন্ধা' শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত কাজিৰঙাৰ কেইবাগৰাকীও শিল্পীয়ে ড° ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক, গল্পকাৰ, সাহিত্যিক ড° ৰুবী বৰাই সুধাকণ্ঠৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰাৰ সমান্তৰালভাৱে ভূপেনদাৰ প্ৰাসংগিকতা উল্লেখ কৰি সাৱলীল বক্তব্য আগবঢ়ায়৷

অনুষ্ঠানত কাজিৰঙাৰ বগৰীজুৰিস্থিত গোলাম হুছেইনৰ লাইন হোটেলত কেনেকৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই সময় উদ্‌যাপন কৰিছিল সেই সন্দৰ্ভত সাৱলীল বক্তব্য আগবঢ়ায় বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি স্বপন নাথে৷ কবি, সমাজকৰ্মী দেৱপ্ৰদীপ বৰাই নিজৰ বক্তব্যযোগে কয় যে ভূপেন হাজৰিকাৰ সংগ্ৰামী সত্তা তথা সাংস্কৃতিক অৱদান বৰ্তমান প্ৰজন্মই আগবঢ়াই নিয়াটো উচিত৷

কাজিৰঙা