ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত বিদ্যুতৰ লুকাভাকুয়ে অতিষ্ঠ কৰিছে জনসাধাৰণক ৷ গ্ৰাহকক নিয়মীয়া বিদ্যুৎ যোগানৰ বিপৰীতে শক্তি বিভাগে গ্ৰাহকৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকৰ লগতে দল সংগঠনে ৷ অভিযোগ মতে বৃহত্তৰ কাজিৰঙা অঞ্চলত দিনতেই হওক বা নিশাই হওক ঘনে ঘনে ব্যাহত হৈ থাকে বিদ্যুতৰ যোগান।
ইয়াৰোপৰি প্ৰায় প্ৰতি সপ্তাহতে এদিন বা দুদিন মেৰামতিৰ নামত নিৰ্দিষ্ট সময়ৰ বাবে বিদ্যুৎ কৰ্তনৰ জাননী দি বিদ্যুৎ কৰ্তন কৰে যদিও জাননীত উল্লেখ কৰাৰ দৰে পুনৰ বিদ্যুতৰ যোগান দিয়াৰ পৰিবৰ্তে ঘন্টাৰ পাছত ঘন্টা বিদ্যুৎ যোগান নিদিয়াত অসুবিধাত পৰিব লগিয়া হয় গ্ৰাহক সকল ৷ তদুপৰি বিদ্যুৎ থকাৰ সময়তো বহু স্থানত নাথাকে ভল্টেজ ৷
আনহাতে দিনক দিনে বৃদ্ধি কৰি অহা বিদ্যুতৰ মাচুল গ্ৰাহকৰ বাবে ভাৰ ল’ব নোৱাৰা বোজা বুলি অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজৰ অভিযোগ যে বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ ক্ষেত্ৰত মূৰ পোলোকা মৰা শক্তি বিভাগক মাচুল সংগ্ৰহৰ ক্ষেত্ৰতহে অতি কাৰ্যক্ষম হৈ থকা পৰিলক্ষিত হয় ৷ এই ক্ষেত্ৰত কাজিৰঙাত নিয়মীয়া বিদ্যুত যোগানৰ দাবী জনাইছে স্থানীয় লোকৰ লগতে দল সংগঠনে ৷
Also Read: ১৬২ টকা হ'লগৈ বিলাহীৰ মূল্য...