কাজিৰঙাৰ এখন ধাবাত আৰক্ষীৰ অভিযান, জব্দ চোৰাং সামগ্ৰী

কাজিৰঙাৰ এখন ধাবাত আৰক্ষীৰ অভিযান, জব্দ চোৰাং সামগ্ৰী
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ মঙলবাৰে নিশা কাজিৰঙাৰ গেলেকীত আৰক্ষীৰ অভিযান ৷অভিযানত লাইন ধাৱাৰ পৰা উদ্ধাৰ অবৈধভাৱে মজুত ৰখা বুজন পৰিমাণৰ চোৰাং ডিজেল ৷

গোপন সূত্ৰৰ পম খেদি কহঁৰা আৰক্ষীৰ সহযোগত বোকাখাত আৰক্ষীয়ে মাজনিশা অভিযান চলাই ডিজেলৰ লগত তেল চুৰি কাৰ্য্যত ব্যৱহৃত বিভিন্ন সামগ্ৰী জব্দ কৰে ৷ পূৰ্বৰে পৰা এই ধাৱাসমুহত চোৰাং তেলৰ ব্যৱসায় চলি আছিল বুলি উল্লেখ কৰে মহকুমা আৰক্ষী বিষয়াই ৷

এই সংক্ৰান্তত অংকুচ নামৰ হোটেলখনৰ স্বত্বাধিকাৰী অনু শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে দুখন বাহন জব্দ কৰে আৰু বাহনৰ চালক নগাওঁৰ বিকি মজুমদাৰ আৰু ওদালগুৰিৰ দিলীপ কয়দীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

কাজিৰঙাৰ এখন ধাবাত আৰক্ষীৰ অভিযান, জব্দ চোৰাং সামগ্ৰী
পুৰণিগুদামত সুৰামত্ত চালকে সৃষ্টি কৰিলে তাণ্ডৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in