কাজিৰঙাৰ চেপেনাকোবোৱা গাঁৱত ৰাসৰ প্ৰস্তুতি

কাজিৰঙাৰ চেপেনাকোবোৱা গাঁৱত ৰাসৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ চেপেনাকোবোৱা গাঁৱত ৰাসৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, কাজিৰঙাঃ শৰৎ কালৰ ৰাত্রি অতি বিতোপন ৰাসক্রীড়া কৰিলে কৃষ্ণৰ ভৈলা মন। মাজত মাথোঁ কেইটামান দিন। ভগৱান শ্রীকৃষ্ণৰ জীৱন লীলাৰে আকৌ মায়াময় হ’ব শৰতৰ চন্দ্রাৱলী ৰাতি। উজনি-নামনি সৰ্বত্র চলিছে ৰাসৰ প্রস্তুতি।

কোনোৱে যদি শ্রীকৃষ্ণৰ ভাও লৈছে আন কোনোৱে লৈছে ৰাধা, শংখচুড়, যশোদাৰ ভাও৷ এনে সময়তে গোপবালক- গোপীৰ নৃত্যৰে মুখৰিত হৈ উঠিছে কাজিৰঙাৰ চেপেনাকোবোৱা গাওঁ ৷শ্ৰীকৃষ্ণৰ বন্দনাৰে গোপী-গোপ বালকসকলে নিজকে বিলীন কৰি তুলিছে নৃত্যৰ মাজত ৷

চেপেনাকোবোৱাবাসী ৰাইজৰ উদ্যোগত,নৱজ্যোতি শিল্পী সমাজ আৰু বৃহত্তৰ কাজিৰঙাবাসী ৰাইজৰ সহযোগত চেপেনাকোবোৱা ৰাজহুৱা নাট্য মন্দিৰত অহা ২৮,২৯ নৱেম্বৰত অনুষ্ঠিত হ'ব শ্ৰী কৃষ্ণৰ ৰাসযাত্ৰা ৷ দুদিনীয়াকৈ আয়োজন কৰা এই শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱত অংশগ্ৰহণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকল ৷ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে কাজিৰঙাৰ আকাশ বতাহ ৷শ্ৰী কৃষ্ণৰ পূৰ্নাংগ ৰাসৰ লগতে কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে উদ্যোক্তাসকলে ৷

Also Read: গোলাঘাটৰ আৰক্ষীয়ে ধ্বংস কৰিলে ১ কোটি ৪৫ লাখ টকাৰ ড্ৰাগছ

kaziranga national park