কাজিৰঙাৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ

কাজিৰঙাৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ জনাঞ্চলত গঁড়ৰ বিচৰণ। কিছুদিনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি জনাঞ্চলত বিচৰণ কৰাটো একপ্ৰকাৰ অভ্যাসত পৰিণত হৈছে গঁড়বোৰৰ৷

অৱশ্যে ঘৰচীয়া জীৱ-জন্তুৰ লগত বিচৰণ কৰি থকা গঁড়টোৱ বৰ্তমানলৈকে ক্ষয়-ক্ষতি কৰা নাই গাঁও খনৰ ৷ মঙলবাৰে পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ পৰা পুৱাই ওলাই অহা গঁড়টোৱে বহু সময় বিচৰণ কৰে দাঁতি কাষৰীয়া ম'হপাৰা গাওঁত। গাওঁখনৰ ধাননিপথাৰত বহুসময়ত বিচৰণ কৰাৰ অন্তত বন বিভাগৰ লোকে গঁড়টোক খেদি পঠিয়াবলৈ সক্ষম হয়।

বন বিভাগৰ লোকে শূন্যলৈ গুলিচালনা কৰাৰ পিছতহে গঁড়টোৱে ভীতিগ্ৰস্ত হৈ উদ্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰে। উল্লেখ্যে যে সুকলমে গঁড়টোক খেদি পঠিওৱাৰ পিচত স্বস্তিৰ নিশ্বাস পেলায় বন বিভাগ তথা স্থানীয় ৰাইজে।

কাজিৰঙাৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ
কাজিৰঙাৰ এখন ধাবাত আৰক্ষীৰ অভিযান, জব্দ চোৰাং সামগ্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in