বনাঞ্চলৰ পৰা ওলাই অহা গঁড়ৰ আতংক কাজিৰঙাৰ ম'হপাৰা গাঁৱত‌‌

ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা গঁড়ে আতংকৰ সৃষ্টি কৰে কাজিৰঙাৰ দাতিকাষৰীয়া ম'হপাৰা গাঁৱত‌‌।

author-image
Asomiya Pratidin
New Update
বনাঞ্চলৰ পৰা ওলাই অহা গঁড়ৰ আতংক কাজিৰঙাৰ ম'হপাৰা গাঁৱত‌‌

ডিজিটেল সংবাদ, বোকাখাতঃ কাজিৰঙাৰ জনাঞ্চলত এশিঙীয়া গঁড়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা গঁড়ে আতংকৰ সৃষ্টি কৰে কাজিৰঙাৰ দাতিকাষৰীয়া ম'হপাৰা গাঁৱত‌‌।

গাওঁখনৰ কৃষিভূমিত বিচৰণ কৰি থকা গঁড়টোক খেদি পঠিয়াবলৈ বন বিভাগে ব্যৱহাৰ কৰে বিভাগীয় কেইবাটাও হাতীক। বহু সময় গৰুৰ জাকৰ মাজত কৃষিভূমিত বিচৰণ কৰি থকা গঁড়টোক অৱশেষত সুকলমে ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ সক্ষম হয় বনকৰ্মীৰ দলে।

অৱশ্য গঁড়টোক লৈ পুৱাৰে পৰা অঞ্চলটোত আতংকৰ সৃষ্টি হয় যদিও গঁড়টোৱে কোনো ক্ষষ ক্ষতি নকৰাকৈ উদ্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাত স্বস্তিৰ নিশ্বাস পেলালে বনবিভাগ তথা স্থানীয় ৰাইজে।উল্লেখ্যে যে উক্ত অঞ্চলটোলৈ সততে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড়, হাতী ম'হ ওলাই আহি খেতিপথাৰত ব্যাপক ক্ষতিসাধন কৰি আহিছে।

Also Read: ৰাজনীতিৰ আঙুৰ...

kaziranga national park