কাজিৰঙাৰ বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় পথ, বিভাগীয় কৰ্তৃপক্ষৰ নাই কাণসাৰ

পথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত সমূহত বৰষুণৰ পানী জমাহৈ অধিক ভয়ংকৰ হৈ পৰিছে ৰাষ্ট্ৰীয় পথটোৰ যাতায়তী ব্যৱস্থা

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় পথ, বিভাগীয় কৰ্তৃপক্ষৰ নাই কাণসাৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় পথত এতিয়া প্ৰতি ক্ষণতে দুৰ্ঘটনাৰ আশংকা ৷ পথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত সমূহত বৰষুণৰ পানী জমাহৈ অধিক ভয়ংকৰ হৈ পৰিছে ৰাষ্ট্ৰীয় পথটোৰ যাতায়তী ব্যৱস্থা ৷

মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৱলী গ্ৰহণ কৰিছে যদিও বিষয়া কৰ্মচাৰীৰ অমনোযোগিতাৰ বাবে ইতিমধ্যে দুৰ্ঘটনা পতিত হৈ আহত হ’বলগীয়া হৈছে বহুজন ৷ উজনি - নামনিৰ পথ যাতায়তৰ অন্যতম বস্ততা পূৰ্ণ কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে বাছ বা ব্যক্তিগত বাহনেৰে যাতায়ত কৰা যাত্ৰী সকল ৷

অভিযোগ মতে কাজিৰঙালৈ ভি আই পি বা ভি ভি আই পিৰ আগমনৰ সময়ত জোৰাটাপলি মাৰি মসৃণ কৰি পেলোৱা হয় পথচোৱা ৷ কিন্তু দুদিন পাৰ নৌহওঁতেই পুনৰ ধৰা দিয়ে পথটোৰ বিধ্বস্ত অৱস্থাই ৷ কিছুদিনৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ পূৰ্বে নিশাটোৰ ভিতৰতে ব্লক ইটাৰ ওপৰত ব্লেক টেপিং কৰি পথছোৱা নতুনকৈ সজাইছিল লোক নিৰ্মাণ বিভাগে ৷

এতিয়া যমৰ-যন্ত্ৰণাত উজনি-নামনিমোৱা বাহনৰ চালক-যাত্ৰী ৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পথেৰে অতিক্ৰম কৰোতে গোলাঘাট উপায়ুক্ত পথছোৱা মেৰামতিৰ কথা কৈছিল যদিও গা নলৰে সংশ্লিষ্ট বিভাগৰ ৷ বিশেষকৈ এনিমেল কৰিদৰ সমুহত অধিক ভয়াবহ হৈছে পৰিস্থিতি ৷স্পৰ্শকাতৰ এনিমেল কৰিডৰত পাৰ্কিং বন্ধ যদিও ঠায়ে ঠায়ে বিকল হৈ ৰৈছে বাহন ৷

তাৰ পাছতো চৰকাৰে পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহন নকৰাত ক্ষুণ্ণ হৈ পৰিছে কাজিৰঙা বাসী। সকলোৰে অভিযোগ যে বিভাগে সকলো দেখিও নেদেখাৰ ভাও ধৰি থকাৰ বাবে দিনক দিনে পথটোৰ অৱস্থা বিপদাপন্ন হৈ পৰিছে ৷এনেক্ষেত্ৰত স্থানীয় লোকৰ দাবী চৰকাৰে অতি শীঘ্ৰে পথটো মেৰামতিৰ ব্যৱস্থা কৰি সাধাৰণ নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰক ৷

Also Read: অসম আৰক্ষীত ৰদবদলঃ গুৱাহাটীৰ ৮ খন আৰক্ষী থানাৰ OC ক বদলি

kaziranga national park