কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, বোকাখাতঃ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত মঙলবাৰে বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ত মানসিক স্বাস্থ্য ভালে ৰখা সম্বন্ধীয় সজাগতা সভাৰে উদযাপন কৰা হয় বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ অৰেকা নামৰ সংগঠনটোৰ লগতে চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ যৌথ সহযোগত আয়োজিত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সজাগতা সভাখনিত আদৰণি ভাষণ আগবঢ়াই কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই ৷ আদৰণি ভাষণত ধ্ৰুৱজ্যোতি সাহাই কয় যে- এখন সুস্থ সমাজৰ বাবে মানসিকভাৱে সুস্থ হৈ থকাটো অত্যন্ত প্ৰয়োজন ৷ ফলত আমি প্ৰত্যেকেই মানসিকভাৱে কেনেকৈ স্বাস্থ্যবান হৈ থাকিব পাৰো তাৰ বাবে কচৰৎ কৰা উচিত ৷

তেখেতে লগতে কয় যে- বিশ্বায়নৰ কবলৰ পৰা উঠি অহা প্ৰজন্মৰ প্ৰতিনিধিসকলৰ বহুক্ষেত্ৰত বিশেষকৈ মানসিক স্বাস্থ্যৰ অৱনতি হোৱাটো সাম্প্ৰতিক সময়ত অত্যন্ত ভয়াৱহ হৈ পৰিছে ৷ ভাৰতবৰ্ষত আজিৰ তাৰিখত নোখোৱাকৈ যিমান লোকৰ মৃত্যু হৈছে তাতকৈ বহু বেছি লোকৰ মৃত্যুৰ কাৰণ আত্মহত্যা বুলি উল্লেখ কৰে ধ্ৰুৱজ্যোতি সাহাই৷ তেখেতে উঠি প্ৰজন্মৰ সকলোকে মানসিকভাৱে সুস্থ হৈ থাকিবলৈ ল’বলগীয়া সাৱধানতা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ কৰ্মকৰ্তা নেইনা দাসে আঁত ধৰা অনুষ্ঠানটোত চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিত দত্তই সাৰুৱা বক্তব্য আগবঢ়ায় ৷ তেখেতে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ শাৰীৰিক স্বাস্থ্যৰ যতন লোৱাৰ সমান্তৰালভাৱে মানসিক অস্থিৰতাত যাতে ভুগিবলগীয়া নহয় তাৰ বাবে সদা সচেতন হৈ থাকিবলৈ আহ্বান কৰে৷

মহাবিদ্যালয়খনৰ অধ্যাপক সঞ্জীৱ বৰা, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা জ্যেষ্ঠ সাংবাদিক বাবুলাল ম'ৰ, অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত উৎপল দলে, উদ্যোগী অনিমেষ শইকীয়া নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। উদ্যোগী অনিমেষ শইকীয়াই নিজৰ বক্তব্যৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক ম’বাইল ফোনৰ ব্যৱহাৰ কম কৰিবলৈ আহ্বান জনোৱাৰ প্ৰতি দিনাই অন্ততঃ আধাঘণ্টা ব্যায়ামৰ যোগেদি শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ কয়৷ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মনোবিজ্ঞানী বিনিতা শৰ্মা দাসে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন ধৰণৰ কচৰৎ কৰাৰ পৰামৰ্শ দিয়ে ৷ তেখেতে উঠি অহা প্ৰজন্মৰ শিক্ষাৰ্থীৰ মাজত সচৰাচৰ দেখা দিয়া অৱসাদগ্ৰস্থতা দূৰ কৰিবলৈ বিভিন্ন টিপচ প্ৰদান কৰে ৷ মনোবিজ্ঞানী বিনীতা শৰ্মা দাসে অডিঅ’-ভিজুৱেল মাধ্যমৰে আগবঢ়োৱা বক্তব্যৰ যোগেদি অনুষ্ঠানত উপস্থিত থকা সকলোকে কয় যে- মানসিক স্বাস্থ্যৰ যোগেদিহে এখন সুস্থ সমাজ পাব পাৰি ৷

অনুষ্ঠানত কাজিৰঙা অধ্যয়ন চক্ৰৰ ইন্দুপৱন শইকীয়া, উদয় মুণ্ডা, দীপশিখা গগৈ, অজানিতা হাজৰিকা, ৰাজা সূত্ৰধৰ, যতীন কলিতা, পুষ্কৰ কুৰ্মী, প্ৰীতম মুণ্ডা, অম্লান হাজৰিকা, যুগল নাথ, ইকলাম, চুমু, কৰবী, ৰাজশ্ৰী আদিকে ধৰি কাজিৰঙা অধ্যয়ন চক্ৰৰ বিভিন্নজন উপস্থিত থাকে ৷ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নৱ নিৰ্বাচিত সভাপতি সুদৰ্শনা শইকীয়াৰ নেতৃত্বত বহু শিক্ষাৰ্থী উপস্থিত থকা অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়ায় ৷ আনহাতে, কাজিৰঙা অধ্যয়ন চক্ৰই বিনামূলীয়াকৈ আৰম্ভ কৰা অসামৰিক সেৱা তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়টোক সকলোৱেই শলাগ লয় ৷

ইপিনে মঙলবাৰে কহঁৰা বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ৰ সহযোগত জিলা মানসিক স্বাস্থ্য আৰু গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ সহযোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস আৰু স্বাস্থ্যমেলা অনুষ্ঠিত কৰা হয় ৷ স্বাস্থ্যমেলাৰ লগত সংগতি ৰাখি এটি চিকিৎসকৰ দলে উন্নতমানৰ চিকিৎসা প্ৰদান কৰে। দিৱসৰ সংগতি ৰাখি বিভিন্ন পুষ্টিকৰ খাদ্য সামগ্ৰীৰ মেলা, ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন
NAPMৰ সৰ্বভাৰতীয় নাৰীবাদী সভাত অসমৰহৈ জীপাল কৃষক-শ্ৰমিক সংঘৰ অংশগ্ৰহণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in