কাজিৰঙাত পৰ্যটকৰ মাজত হাহাকাৰ...

কাজিৰঙাত পৰ্যটকৰ মাজত হাহাকাৰ...

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত পৰ্যটকৰ মাজত হাহাকাৰ...

ডিজিটেল সংবাদ, কাজিৰঙাঃ দেওবাৰে পুৱাই কাজিৰঙাত পৰ্যটকৰ হাহাকাৰ ৷হাতী ছাফাৰী কৰিবলৈ নাপাই জীপ ছাফাৰী কৰিবলৈ হেতাওপৰা অধিকাংশ পৰ্যটকৰ ৷ উল্লেখ্য যে কালি ব্যক্তিগত হাতী ছাফাৰী সন্থাই এক সংবাদমেলযোগে আজিৰে পৰা হাতী ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত ব্যক্ত কৰিছিল ৷

তাৰ পাছতে আজি পুৱা পূৰ্বৰ বুকিং অনুসৰি হাতী ছাফাৰী কৰিবলৈ অহা পৰ্যটকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷একাংশ পৰ্যটকে উপায়ন্তৰ হৈ জীপ ছাফাৰী কৰাৰ বিপৰীতে আন একাংশ পৰ্যটক উভতি যাবলৈ বাধ্য হয় ৷ এই অভাৱনীয় পৰিস্থিতিৰ বাবে বন বিভাগক জগৰীয়া একাংশৰ।

আনহাতে বন বিভাগে বৰ্তমানেও প্ৰতিটো ব্যক্তিগত হাতীত এজনকৈ সুৰক্ষা কৰ্মী মোতায়ত কৰা সিদ্ধান্তত অটল আছে বুলি ব্যক্ত কৰে ব্যক্তিগত হাতী ছাফাৰী সন্থাই ৷

Also Read: এনকাউন্টাৰঃ আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকলৈ আৰক্ষীৰ গুলী...

kaziranga national park