ডিজিটেল সংবাদ, কাজিৰঙাঃ আজি বিশ্ব পৰ্যটন দিৱস ৷ বিশ্ব পৰ্যটন দিৱস ২০২৩ ৰ থিম হিচাপে লোৱা হৈছে “Tourism and Green Investment” ৷ বিশ্বত পৰ্যটনৰ উত্তৰণৰ প্ৰাসংগিকতাৰে সমগ্ৰ বিশ্বই আজি পালন কৰিছে বিশ্ব পৰ্যটন দিৱস ৷ সুখবৰ যে বিশ্ব পৰ্যটনৰ মানচিত্ৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলেও স্থান দখল কৰিবলৈ সক্ষম হৈছে৷
বিশেষ ভাৱে এশিঙিয়া গঁড়ৰ বাবে বিশ্বখ্যাত অসমৰ কাজিৰঙা, মানাস,ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ় লৈ উঠা অসমৰ পৰ্যটনক ভিত্তি কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশৰ লগত জনগোষ্ঠীয় পৰম্পৰাই আকৰ্ষণ কৰে দেশী বিদেশী পৰ্যটকক ৷ অৱশ্যে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে কাজিৰঙাই ৷
লক্ষণীয় যে বিগত পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ৩ লাখ ১৭ হাজাৰ ৬৩৮ গৰাকী ৷কাজিৰঙাত পৰ্যটকৰ অভূতপূৰ্ব সহাৰিৰ বাবে চৰকাৰে কাজিৰঙাৰ পৰ্যটনক অধিক গতিশীল কৰাৰ বাবে কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মানৰ পৰিকল্পনা গ্ৰহন কৰাৰ লগত অসমৰ পৰ্যটন বিভাগেও কাজিৰঙাৰ পৰ্যটন উন্নয়নৰ বাবে গ্ৰহন কৰিছে অভিলাষী আঁচনি ৷
কেৱল কাজিৰঙাতেই নহয় অসমৰ আন পৰ্যটন থলি সমূহতো বৰ্তমান পৰ্যটনে দিছে স্বাৱলম্বনৰ পথ ৷গতিকে পৰ্যটনক ইতিমধ্যে উদ্যোগ হিচাবে ঘোষনা কৰিছে ৰাজ্য চৰকাৰে ৷কিন্তু ইয়াৰ বিপৰীতে যি সময়ত কাজিৰঙালৈ পৰ্যটকৰ সোত বৈছে সেই সময়ত কি পৰ্যায়ত আছে কাজিৰঙাত থকা অসম পৰ্যটন বিভাগটো?আপুনি জানি আচৰিত হব যে কাজিৰঙাত কেৱল নামতহে আছে ৰাজ্যৰ বিয়াগোম পৰ্যটন বিভাগ।
যি সময়ত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৰাজ্যৰ পৰ্যটনক পূৰ্ণাংগ উদ্যোগৰ মৰ্যাদা প্ৰদান কৰিছে সেই সময়ত কাজিৰঙাত উন্মোচন হৈছে পৰ্যটন বিভাগৰ পুতৌলগা ছবিখন।ছবিয়ে কথা কয়।কাজিৰঙাত থকা অসম পৰ্যটন বিভাগৰ কৰ্মচাৰী থাকে জৰাজীৰ্ণ চৰকাৰী আবাসগৃহত।চাওক কি এক ভয়ংকৰ পৰিবেশত থাকি দায়িত্ব সম্পাদন কৰিছে একাংশ পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে।চালত ইটা,পলিঠিন দি বৰষুণৰ পানীৰ পৰা বাচিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ।
কাজিৰঙাৰ কহঁৰাত থকা অসম পৰ্যটন নিগমৰ অধিকাংশ চৰকাৰী কৰ্মচাৰী থকা আবাসৰ একেই দুৰৱস্থা।জহি খহি কোনোমতেহে থিয় হৈ আছে ঘৰকেইটা।বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত এনেকৈ এতিয়া জৰাজীৰ্ণ হৈ পৰিছে আবাসসমূহ।কৰ্মচাৰীসকলে বহুসময়ত পকেটৰ ধন খৰচ কৰি মেৰামতি কৰিবলগীয়া হয় জহি খহি যোৱা এই আবাসসমূহ।এই সন্দৰ্ভত কাজিৰঙাত থকা পৰ্যটন বিভাগৰ উপ সঞ্চালকক বহুবাৰ আবেদন নিবেদন কৰা হৈছে যদিও গুৰুত্ব নাই বিষয়াগৰাকীৰ।মুঠতে চৰম অচলাৱস্থাত একপ্ৰকাৰ মৃত্যুমুখী কাজিৰঙাত থকা অসম পৰ্যটন বিভাগ।
Also Read: এছিয়ান গেমছত নেপালৰ দীপেন্দ্ৰ সিঙে ৯ টা বলত কৰিলে ৫০ ৰাণ