কাজিৰঙাৰ বিল-জলাশয় জলমগ্ন

কাজিৰঙাৰ বিল-জলাশয় জলমগ্ন
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙা : বিগত কিছুদিনত নেৰানেপেৰা বৰষুণৰ ফলত পানীৰে উপচি পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়সমূহ ৷ অৱশ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমানলৈকে প্ৰৱেশ কৰা নাই বুলি ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ে ৷

কিন্তু পৰিপূৰ্ণ বিল জলাশয় বিলাকত উপচি পৰি বাগৰি যোৱা পানীৰ লগতে বৰষুণৰ পানীয়ে জলমগ্ন কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু অঞ্চল ৷ তদুপৰি ডিফলু নদীৰ পানীয়েও জলমগ্ন কৰিছে কিছু অঞ্চল ৷

পথৰ ওপৰত পানী জমা হোৱাৰ বাবে যোগাযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷ বিশেষকৈ কহঁৰা বনাঞ্চলৰ আৰিমৰা, হুলালপাত,কাৰাশিং ,অগৰাতলি বনাঞ্চলৰ কিংকব্ৰা,বুঢ়াপাহাৰ বনাঞ্চলৰ হাতী কেম্প ইত্যাদি এলেকাৰ পথসমূহত প্ৰায় ২ফুট পৰ্যন্ত পানীৰে উপচি পৰাত বনকৰ্মীয়ে নাৱেৰে কৰ্তব্য পালন কৰিব লগীয়া হৈছে।

অৱশ্যে এনে পৰিবেশৰ বাবে বন্য জন্তুৰ কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই ৷ বৰঞ্চ ওখ স্থানসমূহত নিৰ্বিঘ্নে বিচৰণ কৰি আছে বন্য জন্তুৱে ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, পৰিস্থিতি অৱনতি হ’লে ৰাষ্ট্ৰীয় উদ্যানৰ বন শিবিৰ সমূহত থকা ঘৰচীয়া হাতী বিলাক বাহিৰলৈ উলিয়াই অনা হ’ব ৷

কাজিৰঙাৰ বিল-জলাশয় জলমগ্ন
কাছাৰৰ ৰাতাচৰাত আৰক্ষীৰ এনকাউণ্টাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in