আজি বিহুগীতৰ সম্ৰাট খগেন মহন্তৰ ওপজা দিন…

আজি বিহুগীতৰ সম্ৰাট খগেন মহন্তৰ ওপজা দিন…
Published on
Updated on

ডিজিটেল ডেস্ক : আজি খগেন মহন্তৰ ওপজা দিন। ১৯৪২ চনৰ ১৭ আগষ্টত নগাঁৱৰ জাজৰি বগৰিগুৰি আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰৰ গৃহত খগেন মহন্তৰ জন্ম হৈছিল। একেধাৰে গীতিকাৰ, সুৰকাৰ, গায়ক খগেন মহন্ত অসমবাসীৰ বাবে এক উজ্বল নক্ষত্ৰ। অসমীয়া সমাজ, সংস্কৃতিত তেখেতৰ অৱদান যথেষ্ট। তেখেতক জন্মদিনত সকলোৱে জনাইছে শুভেচ্ছা।

জোনটি ওলালে তৰাটি ওলাব, পাৰৰ পাখিত গাঠি দিলো (বিহুগীত), এজাৰ ফুলা দেখিলে বেজাৰ কিয় কৰ আদি গীত অসমবাসীক উপহাৰ দি গৈছে খগেন মহন্তই। তেখেতে আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে ১৯৬৫ চনৰ পৰাই গীত গাবলৈ লৈছিল। তেওঁ শৈশৱতে পিতৃৰ পৰা নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন, সত্ৰীয়া নৃত্য আদিৰ শিক্ষা গ্ৰহণ কৰিছিল।

২৩খন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছিল খগেন মহন্তই। মেঘমুক্তি, মইনাজান, যুঁজ আৰু নিশি উজাগৰ (টেলিফিল্ম) আদিৰ সংগীত পৰিচালনাও কৰিছিল তেওঁ। শকুন্তলা চিনেমাত অভিনয় কৰাৰ উপৰিও ৰেডিঅ' ডুকুমেণ্টৰী 'লিজেণ্ড অৱ লোহিত'ৰ বাবে সন্মানীত হৈছিল তেওঁ। ১৯৯০ চনত তেখেতৰ দ্বাৰা প্ৰস্তুত অ' মোৰ আপোনাৰ দেশ গীতটো এছিয়া মহাদেশৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত চীনলৈ পঠিওৱা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in