খানাপাৰাত নিযুক্তি সমাৰোহ : আজি ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ মুখত বিৰিঙিব হাঁহি

খানাপাৰাত নিযুক্তি সমাৰোহ : আজি ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ মুখত বিৰিঙিব হাঁহি
Published on
Updated on

ডিজিটেল ডেস্ক: পৱিত্ৰ বৃত্তি শিক্ষকতা। এই বৃত্তিৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰে খানাপাৰাত আয়োজন কৰিছে নিযুক্তি সমাৰোহ।

মুখত এমোকোৰা প্ৰাপ্তিৰ হাঁহিলৈ খানাপাৰাত উপস্থিত হৈছে ৰাজ্যৰ একাংশ ঠিকাভিত্তিক শিক্ষক। কিয়নো আজি তেঁওলোকৰ হাতত ৰাজ্য চৰকাৰে অৰ্পণ কৰিব স্থায়ী নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ বিতৰণ পৰ্বত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

চাকৰি নিয়মীয়াকৰণ হোৱা ৰাজ্যৰ ২৩,৯৫৬ গৰাকী শিক্ষকক সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইতিমধ্যে খানাপাৰাত অনুষ্ঠিত কৰা শিক্ষক নিযুক্তি সমাৰোহৰ কাম-কাজ সাজু হৈ উঠিছে। কিছু সময়ৰ পাছতে আনুষ্ঠানিকভাৱে শিক্ষকসকলৰ হাতত তুলি দিব নিযুক্তি পত্ৰ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত এইসকল শিক্ষকে বিগত সময়ছোৱাত দাবী উত্থাপন কৰি আহিছিল। তেঁওলোকে ২০১২ আৰু ২০১৮ চনতেই নিযুক্তিপ্ৰাপ্ত শিক্ষক আছিল।  

কাৰ্যতঃ ঠিকাভিত্তিক শিক্ষকসকলৰ আশা, অপেক্ষা, উৎকণ্ঠাৰ যৱনিকা পেলাই মুখ্যমন্ত্ৰীৰ হাতৰ পৰা গ্ৰহণ কৰিব চাকৰি নিয়মীয়াকৰণৰ নিযুক্তি পত্ৰ।

খানাপাৰাত নিযুক্তি সমাৰোহ : আজি ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ মুখত বিৰিঙিব হাঁহি
ব্ৰহ্মপুত্ৰৰ ৰাংছালী-বেদেতীঘাটত দুটা মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in