খেল মহাৰণৰ নামত বিশ্বনাথ জিলাত লাখ লাখ টকাৰ কেলেংকাৰী

খেল মহাৰণৰ নামত বিশ্বনাথ জিলাত লাখ লাখ টকাৰ কেলেংকাৰী

author-image
Asomiya Pratidin
New Update
খেল মহাৰণৰ নামত বিশ্বনাথ জিলাত লাখ লাখ টকাৰ কেলেংকাৰী

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গ্ৰামাঞ্চলৰ যুৱক-যুৱতী, ছাত্র-ছাত্ৰী সকলৰ মাজত এক ক্ৰীড়া সুলভ পৰিৱেশ গঢ়ি তুলিবলৈ অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে অনুষ্ঠিত কৰিছে "খেল মহাৰণ"। এই কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ নামত বিশ্বনাথ জিলাৰ গহপুৰ, বিহালী আৰু বিশ্বনাথ বিধান সভা সমষ্টিত লাখ লাখ টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ শেহতীয়া ভাৱে পোহৰলৈ আহিছে।

জানিব পৰা মতে-অসম চৰকাৰে অনুষ্ঠিত কৰা উক্ত খেল মহাৰণৰ প্ৰথম কাৰ্য্যসূচী প্ৰতিখন গাঁও পঞ্চায়তত যোৱা ১ নবেম্বৰৰ পৰা ১৫ নবেম্বৰৰ ভিতৰত ইতিমধ্যে সম্পন্ন হৈছে।উক্ত খেল মহাৰণে সামৰি লোৱা এথলেটিকছ,ফুটবল, কাবাডী,ভলীবল আৰু খ'-খ' খেল অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰে ধাৰ্য্য কৰা পূঁজি বিশ্বনাথ জিলাৰ গহপুৰ, বিহালী আৰু বিশ্বনাথ সম্পষ্টিৰ পঞ্চায়তে পঞ্চায়তে ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ তথ্য প্ৰাপ্ত অভিযোগত প্ৰকাশ পাইছে।

জানিব পৰামতে-উক্ত খেল মহাৰণৰ বাবে এখন পঞ্চায়তৰ বিপৰীতে চৰকাৰীভাবে কাগজে-কলমে উল্লেখ থকা মুঠ পুঁজিৰ পৰিমাণ ৭৫ হাজাৰ টকা।এই টকাৰে টুৰ্ণামেণ্ট কুৱালিটিৰ তিনিটা ফুটবল, ফুটবল গ'ল নেট এযোৰ, ফুটবল কৰ্ণাৰ ফ্লে'গ আৰু পুল এযোৰ,ভলীবল তিনিটা, ভলীবল এণ্টেনা এযোৰ, ভলীবল নেট এখন,৫০ মিটাৰৰ এটা মিজাৰিং টেপ,ব্ৰেণ্ডিং আৰু পাব্লিচিটি,খেলপথাৰ মেৰামতি, ৰিফ্ৰেছমেণ্ট ফৰ অফিচিয়েলছ,খ' খ' পুল,২০ গৰাকী খেল পৰিচালনা কৰা টেকনিকেল পাৰ্ছনক গায়েপটি ২৫০০ কৈ মাননী আৰু অন্যান্য শিতানত যাৱতীয় পূজি ধৰা হৈছে।

অৰ্থাৎ ৭৫ হাজাৰ টকাৰে খেল মহাৰণৰ বাবে এখন পঞ্চায়তে উক্ত শিতানত ধন ব্যয় কৰাৰ চৰকাৰী হিচাপ কাগজে কলমে উল্লেখ আছে যদিও বিশ্বনাথ জিলাত ইয়াৰ এখন ওলোটা ছৱি দেখা পোৱা গৈছে।বিশ্বনাথ জিলাৰ জিলা ক্ৰীড়া বিষয়া অংকুৰ জ্যোতি পাঠকৰ নেতৃত্বত ৰূপায়ণ হোৱা উক্ত খেল মহাৰণৰ কাৰ্য্যসূচী ৰূপায়ণৰ বাবে বিশ্বনাথ জিলাৰ একোখনকৈ পঞ্চায়তক দিয়া হৈছে মাত্ৰ ৩৫ হাজাৰ টকাকৈ চৰকাৰী পূঁজি।উক্ত ৩৫ হাজাৰ টকাৰ ভিতৰত ১০ হাজাৰ টকা পঞ্চায়তৰ খেল পৰিচালনা কৰা কমিটিক আৰু ১১ হাজাৰ টকা ১১ গৰাকী টেকনিকেল পাৰ্ছনক মাননী হিচাপে বিশ্বনাথ জিলা ক্ৰীড়া বিষয়াৰ জৰিয়তে প্ৰদান কৰা হ'ল যদিও ১৪ হাজাৰ টকাৰ খেল সামগ্ৰী যোগান দিয়াৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰিছে ক্ৰীড়া বিষয়া অংকুৰ জ্যোতি পাঠকে।

অভিযোগ অনুসৰি-খেল সামগ্ৰী যোগানৰ ঠিকা নিজেই লোৱা ক্ৰীড়া বিষয়া অংকুৰ জ্যোতি পাঠকে অতি নিম্ন মানৰ দুটা ফুটবল, দুটা ভলীবল, এখন ভলীবল নেট,গ'ল পষ্টৰ নেট দুখন, ভলীবল নেটৰ এণ্টেনা ২ ডাল,কৰ্ণাৰ ফ্লেগ চাৰিখন,৫০ মিটাৰৰ মিজাৰিং টেপ এটা দি ৰামঠগন দিছে পঞ্চায়ত সমূহক।অভিজ্ঞ খেল পৰিচালক সকলৰ মতে-উক্ত খেল সামগ্ৰী সমূহ অতি নিম্নমানদণ্ডৰ আৰু খেলাৰ বাবে অনুপযোগী আছিল।উক্ত খেল সামগ্ৰীৰ বিপৰীতে ১৪ হাজাৰ খৰছ হোৱা বুলি দেখুওৱা হৈছে যদিও ইয়াৰ প্ৰকৃত মূল্য ৬ হাজাৰ মানহে হ'ব বুলি উল্লেখ কৰিছে খেল পৰিচালক সকলৰ লগতে খেলুৱৈ সকলে।

এতিয়া প্ৰশ্ন হ'ল-খেল মহাৰণৰ বাবে এখন পঞ্চায়তৰ বিপৰীতে আবণ্টিত পূজিৰ পৰিমান ৭৫ হাজাৰ নে ৩৫ হাজাৰ টকা??কাগজে কলমে পঞ্চায়ত ভিত্তিত খেল মহাৰণৰ বাবে ৭৫ হাজাৰ টকাৰ ভাগে ভাগে হিচাপ থকাৰ পিছতো বিশ্বনাথ জিলাত এখন পঞ্চায়তে মাত্ৰ ৩৫ হাজাৰকৈ টকা লাভ কৰাৰ আঁৰত কি ৰহস্য লুকাই আছে তাকে লৈ এতিয়া সন্দিহান হৈ পৰিছে জিলাখনৰ ক্ৰীড়া প্ৰেমী ৰাইজ।এইক্ষেত্ৰত জিলা খনৰ ক্ৰীড়া প্ৰেমী ৰাইজে এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰি সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিছে।

Also Read: কংগ্ৰেছঃ মেড ইন চাইনা!

assam govt