চিৰাঙৰ শান্তিপুৰত এপেক্স বেঙ্কৰ উদ্যোগত আৰু ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতিৰ সহযোগত কিষান ক্ৰেডিট কাৰ্ডৰ ঋণ বিতৰণ

৯ কোটি ৩৩ লাখ টকাৰ কেচিচি ঋণ প্ৰদান ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতিৰ

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ শান্তিপুৰত এপেক্স বেঙ্কৰ উদ্যোগত আৰু ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতিৰ সহযোগত কিষান ক্ৰেডিট কাৰ্ডৰ ঋণ বিতৰণ

ডিজিটেল সংবাদ, চিৰাং : যি সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ সমবায় সমিতি বোৰৰ অৱস্থা ক্রমশঃ শোচনীয় হৈ পৰিছে ঠিক সময়তে চিৰাং জিলাৰ অতিকৈ ভিতৰুৱা অঞ্চল হিচাপে চিহ্নিত ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতি লিমিটেড নামৰ সমবায় সমিতি এটা বিশেষ চৰ্চা লাভ কৰিছে ।

এটা সময়ত উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত এলেকা হিচাপে চিহ্নিত চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা-শান্তিপুৰ এলেকাত নাছিল কোনো বিত্তীয় প্ৰতিষ্ঠান । ঋণ বিচাৰি হাহাকাৰ কৰিব লগা হৈছিল এলেকাৰ কৃষক সকলে । সেই সময়ত অৰ্থ্যাৎ দহ বছৰ আগতে অঞ্চলটোৰ উদ্যমী খেতিয়ক সকলৰ কথা চিন্তা কৰি ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতিয়ে এপেক্স বেঙ্ক, কোকৰাঝাৰ শাখাৰ পৰা মাত্ৰ ২ লাখ ২০ হেজাৰ টকা ঋণ লৈ সমবায়ৰ অংশীদাৰী খেতিয়ক সকলৰ মাজত কেচিচি ঋণ দিয়াৰ ব্যবস্থা কৰি এক নতুন যাত্ৰা আৰম্ভ কৰিছিল। সেই দহটা বছৰ সফল যাত্ৰাৰ অন্তত এইবেলি ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতিয়ে এপেক্স বেঙ্কৰ পৰা কেচিচি ঋণৰ নামত ৯ কোটি ৩৩ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে ।

ৰবিবাৰে এপেক্স বেঙ্ক, কোকৰাঝাৰ শাখাৰ উদ্যোগত আৰু অসমৰ অন্যতম সফল তথা বিটিআৰ এলেকাৰ শ্ৰেষ্ঠ সমবায় সমিতি হিচাপে চিহ্নিত কৰা ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতি লিমিটেডৰ সহযোগত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰত ৰবিবাৰে পাচঁ শতাধিক কৃষকৰ মাজত কিষান ক্ৰেডিট কাৰ্ড (কেচিচি) প্ৰদান কৰা হয় । ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতিৰ অধীনত থকা ভিচিডিচি ভিত্তিত গঠন কৰা মুঠ চাৰিটা আবাদাৰি আফাদ (কৃষক সমিতি)য়ে বাচনি কৰা ৫৮৮ গৰাকী হিতাধিকাৰী কৃষকৰ মাজত এপেক্স বেঙ্ক,কোকৰাঝাৰ শাখাৰ পৰা ৯ কোটি ৩৩ লাখ ১০০ টকাৰ কিষান ক্ৰেডিট কাৰ্ড (কেচিচি) ৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয় ।

দেওবাৰ ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতিৰ প্ৰেক্ষাগৃহত সভাপতি মহেন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্বত কৃষি ঋণ বিতৰণ সভা অনুষ্ঠিত হয় । সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে এপেক্স বেঙ্কৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়া আৰু উপ পৰিচালন সঞ্চালক দিলীপ কুমাৰ ঘোষ । এপেক্স বেঙ্কৰ শীৰ্ষ বিষয়া দুগৰাকীয়ে দহগৰাকী হিতাধিকাৰী খেতিয়কৰ হাতত কিষান ক্ৰেডিট কাৰ্ডৰ প্ৰমাণ পত্ৰ অৰ্পণ কৰি ঋণ বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে । এপেক্স বেঙ্কৰ মহাপ্ৰবন্ধক ডম্বৰু শইকীয়াই তেখেতৰ ভাষণত উল্লেখ কৰি কয় যে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাৰ দৰিদ্ৰ খেতিয়ক সকলক এপেক্স বেঙ্কে কিষান ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আৰ্থিক দিশত টনকিয়াল কৰিবলৈ লগতে ব্যবসায় ভিত্তিত কৃষি কৰ্মক আগবাঢ়ি লৈ যাবলৈ দীৰ্ঘদিনৰ পৰা সহায় কৰি আহিছে আৰু আগলৈ এপেক্স বেঙ্ক সদায় এই অঞ্চলৰ কৃষকৰ কাষত থাকিব বুলি মন্তব্য কৰে ।

উপ পৰিচালন সঞ্চালক দিলীপ কুমাৰ ঘোষে তেখেতৰ ভাষণত চিৰাং জিলাৰ এই পিচপৰা অঞ্চলৰ দুখীয়া দৰিদ্ৰ লোক সকলৰ সামাজিক আৰু আৰ্থিক উন্নয়নৰ হকে সুদীৰ্ঘ পঞ্চাশ বছৰ ধৰি কাম কৰি অহা ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতিৰ বিষয়ববীয়া সকলৰ ভূমিকাক উচ্চ প্ৰশংসা কৰে । দহ বছৰ আগতে এপেক্স বেঙ্কৰ পৰা মাত্ৰ ২ লাখ ২০ হেজাৰ টকা ঋণ লৈ এই ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতিয়ে খেতিয়ক সকলৰ মাজত কেচিচি ঋণ দিয়াৰ ব্যবস্থা আৰম্ভ কৰিছিল, অতিকৈ সুখৰ কথা যে ৰবিবাৰে সেই ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতিয়ে এইবেলি এপেক্স বেঙ্কৰ পৰা কেচিচি ঋণৰ নামত ৯ কোটি ৩৩ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে বুলি সদৰি কৰি সন্তুষ্টি প্ৰকাশ কৰে । তেখেতে ভিতৰুৱা অঞ্চলৰ লোক সকলক মোবাইলৰ দ্বাৰা প্ৰবঞ্চনা কৰা প্ৰবঞ্চক সকলৰ পৰা সুৰক্ষিত থকাৰ পৰামৰ্শ আগবঢ়ায় ।

ৰবিবাৰে সভাত এপেক্স বেঙ্কৰ কোকৰাঝাৰ শাখাৰ শাখা প্ৰবন্ধক আদিত্য ভুঞাই কয় যে যোৱা বছৰ এপেক্স বেঙ্কে ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতি লিমিটেডৰ জৰিয়তে এই অঞ্চলৰ ৫৬০ গৰাকী কৃষকক কিষান ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৮ কোটি টকাৰ ঋণ দিয়া হৈছিল । বিগত বৰ্ষত ঋণ গ্ৰহণকাৰী কৃষক সকলে নিদিষ্ট সময়ৰ ভিতৰত ঋণ ওভতাই দিয়াৰ কাৰণেই এইবেলি ৫৮৮ গৰাকী হিতাধিকাৰী কৃষকৰ মাজত পুনৰ হালধি খেতিৰ বাবে ৯ কোটি ৩৩ লাখ ১০০ টকাৰ কিষান ক্ৰেডিট কাৰ্ডৰ ঋণ আগবঢ়োৱা হৈছে । ৰবিবাৰে কিষান ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ লাভ কৰা কৃষক সকলে পূৰ্বৰ ঋণ ঘুৰাই দিয়াৰ সুনাম অক্ষুন্ন ৰাখি ঋণৰ ধন সচাঁ অৰ্থত ব্যবহাৰ কৰি নিদিষ্ট সময়তে ঋণৰ ধন ঘুৰাই দিব বুলি আশা প্ৰকাশ কৰে আৰু আগলৈ এনেদৰে যদি ঋণ লৈ ওভতাই দিয়ে তেনেহলে ভবিষ্যতে এই অঞ্চলৰ খেতিয়ক সকলে পূৰ্বতকৈ অধিক পৰিমাণৰ কৃষি ঋণ লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে ।

ৰবিবাৰে এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে চিৰাং জিলা সমবায় সমিতি সমূহৰ উপ পঞ্জীয়ক বাৰলাম্ফা ওৱাৰী, পৰিদৰ্শক প্ৰমোদ বসুমতাৰী, এপেক্স বেঙ্কৰ কোকৰাঝাৰ শাখা প্ৰবন্ধক আদিত্য ভুঞা আদি কৰি অন্যান্য আমন্ত্ৰিত অতিথি উপস্থিত থাকে ।ৰুণীখাতা-শান্তিপুৰ সমবায় সমিতি লিমিটেডৰ সচিব প্ৰধান দামোদৰ দাহালে সদৰি কৰা মতে ভাৰত-ভূটান সীমান্ত অঞ্চলৰ খেতিয়ক সকলে পূৰ্বৰে পৰা পৰম্পৰাগত ভাবে হালধি খেতি কৰি আহিছে । কাৰণ এই অঞ্চলৰ মাটি হালধি খেতিৰ কাৰণে যথেষ্ট উপযোগী আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি হালধি খেতিক প্ৰাধান্য দিয়া হৈছে । এই হালধি খেতি কৰি অধিক হাৰত উৎপাদন বৃদ্ধি কৰি আৰ্থিক দিশত যাতে লাভান্বিত হয় তাৰ লক্ষ্যৰেই এপেক্স বেঙ্ক, কোকৰাঝাৰ শাখাৰ পৰা বিগত বছৰৰ ৫৬০ গৰাকীৰ ঠাইত এইবেলি ৫৮৮ গৰাকী খেতিয়কক ৮ কোটিৰ ঠাইত ৯ কোটি ৩৩ লাখ টকাৰ কিষান ক্ৰেডিট কাৰ্ডৰ ঋণ প্ৰদান কৰা হৈছে ।

Also Read: অৰুণাচলত জেলৰ পৰা পলায়ন উগ্ৰপন্থীৰ, হত্যা নিৰাপত্তাৰ দায়িত্বত থকা জোৱানক

chirang