ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ নাৰাবাৰীত সংঘটিত হোৱা গুলীচালনাৰ পুণৰ প্ৰতিক্ৰিয়া কেএলঅ'ৰ । শুকুৰবাৰে প্ৰেছ বিবৃতি যোগে সদৰি কৰিছে কেএলঅ'ই ।
প্ৰেছ বিবৃতিত কেএছঅই উল্লেখ কৰে যে অসম আৰক্ষী ব্যৰ্থ হৈছে মুল অভিযুক্ত কৰায়ত্ব কৰাত । ইয়াৰ পৰিৱৰ্তে নিৰীহক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ।
অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মডেল নৱনীতা বৰ্মন সহ সকলোকে মুক্তিৰ দাবী কেএলঅ'ৰ । ৪৮ ঘণ্টাৰ ভিতৰত মুক্তিৰ দাবী কেএলঅ'ৰ ।
৪৮ ঘণ্টাৰ ভিতৰত মুক্তি নিদিলে অনিদিষ্ট কালীন অসম বন্ধ ঘোষণা কৰিব কেএলঅ'ই । লগতে কয় যে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে দায়ী হ'ব অসম আৰক্ষী ।
আৰু পঢ়ক: মানকাচৰত অপৰিবৰ্তিত বান পৰিস্থিতি, আজিও প্লাবিত ন ন অঞ্চল…