ৰৌতাৰ বোমা বিস্ফোৰণ সন্দৰ্ভত স্বীকাৰোক্তি প্ৰকাশ কে এল অ' (কে এন)ৰ

দাবী কৰা ধনৰাশি নিদিয়াৰ বাবেই লোকজনৰ বাসগৃহলৈ লক্ষ্য কৰি হাতে সজা বোমা নিক্ষেপ কৰাৰ সন্দেহ পৰিয়ালৰ

author-image
Asomiya Pratidin
New Update
ৰৌতাৰ বোমা বিস্ফোৰণ সন্দৰ্ভত স্বীকাৰোক্তি প্ৰকাশ কে এল অ' (কে এন)ৰ

ডিজিটেল সংবাদ,ৰৌতাঃ ৰৌতাৰ ইকৰাবাৰীৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ KLO(KN) নামৰ উগ্ৰপন্থী সংগঠনটোৰ । দাবী কৰা ধন নিদিয়াৰ বাবে বিস্ফোৰণ সংঘটিত কৰা বুলি বিবৃতি যোগে জনায় সংগঠনটোৱে ।

ঘটনাটো অনাকাংক্ষিত বুলি প্ৰকাশ সংগঠনটোৰ। KLO(KN)ৰ প্ৰচাৰ সচিব ডিএল কোঁচ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তি ইতিমধ্যে প্ৰায়বোৰ সামাজিক মাধ্যমতে প্ৰচাৰিত হৈছে । জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত ৰৌতাৰ ইকৰাবাৰীত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল।

ইকৰাবাৰীৰ তন দাস নামৰ লোকজনৰ বাসগৃহলৈ লক্ষ্য কৰি দুৰ্বৃত্তই নিক্ষেপ কৰিছিল বোমা। বিস্ফোৰণৰ ফলত পৰিয়ালটোৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও ঘৰৰ খিৰিকীৰ গ্লাচ ভাঙি যোৱাৰ লগতে ঘৰখনৰ বেৰ কিছু পৰিমানে ক্ষতিসাধন হয়। বিস্ফোৰণৰ পাছতে সমগ্ৰ ইকৰাবাৰী অঞ্চলতে তীব্ৰ আতংকৰ সৃষ্টি হয় ।

উল্লেখযোগ্য যে, যোৱা ২০ ফেব্ৰুৱাৰীত তন দাসক KLO(KN) নামৰ উগ্ৰপন্থী সংগঠনটোৱে ২৫ লাখ টকা দাবী কৰিছিল । দাবী কৰা ধনৰাশি নিদিয়াৰ বাবেই লোকজনৰ বাসগৃহলৈ লক্ষ্য কৰি হাতে সজা বোমা নিক্ষেপ কৰাৰ সন্দেহ পৰিয়ালৰ।

আনহাতে, বিস্ফোৰণৰ বহুদিন পূৰ্বেই উগ্ৰপন্থী সংগঠনটোৱে ধন দাবী কৰাৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল বুলি পৰিয়ালটোৱে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈ কোনো তথ্য সদৰি কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

Also Read: আৰ্থিক সাহাৰ্য বিচাৰি KLOৰ প্ৰেছ বিবৃতি...

KLO(KN)