ডিজিটেল ডেস্ক: 'অসমীয়া প্ৰতিদিন'ৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক দুৰ্বৃত্তই কৰা দলবদ্ধ আক্ৰমণৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই সন্দৰ্ভত ঘটনাৰ উচিত তদন্ত আৰু দোষীক শীঘ্ৰে কৰায়ত্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
৬ মাৰ্চৰ নিশা গুৱাহাটীৰ কমাৰ্চ পইন্টত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত 'অসমীয়া প্ৰতিদিন'ৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক শাৰিৰীক ভাৱে আক্ৰমণ কৰা হৈছিল। কিন্তু এই বিষয়ে বৰ্তমান পৰ্যন্ত কোনো উচিত ব্যৱস্থা হাতত লোৱা নাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে সংগঠনটোৱে।
উল্লেখ্য যে, সাংবাদিক গৰাকীয়ে কমাৰ্চ পইন্টত থকা ফেট বেলী নামৰ ৰেষ্টুৰেন্টৰ অংশ ফেট জাৰ অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল। কিন্তু বাতৰি সংগ্ৰহ কৰোতেই সাংবাদিক জনক কেইবাজনে শাৰিৰীকভাৱে আক্ৰমণ কৰে। সেই সময়ত সেই স্থানত উপস্থিত থকা আৰক্ষীৰ সহায়ত সাংবাদিক জনৰ প্ৰাণ ৰক্ষা পৰে।
আৰক্ষীয়ে আক্ৰমণকাৰী দলটোৰ পৰা পৰিক্ষীত ভট্টাচাৰ্য, নৱনীল গোস্বামী আৰু নৰেন চন্দ্ৰ বড়োক আটক কৰে যদিও বাকী কেইজন পলাই যায়। তাৰ পাছতেই ঘটনা সন্দৰ্ভত সাংবাদিক গৰাকীয়ে চানমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । কিন্তু পাছদিনা পুৱা আৰক্ষীয়ে সাংবাদিক গৰাকীক থানালৈ মাতি নি অভিযুক্তৰ লগত বুজাবুজি কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।
সাংবাদিক জনে এই ক্ষেত্ৰত মান্তি নোহোৱাত তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ দি এজাহাৰ দাখিল কৰে। আৰু চানমাৰী আৰক্ষীয়ে অভিযুক্তৰ পক্ষ গ্ৰহণ কৰি তেওঁলোকক মুকলি কৰি দিয়ে।
এই সমগ্ৰ ঘটনাটোত দুৰ্ভাগ্যজনক আখ্যা দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে।