ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ ৰেল বিভাগৰ ভূমি বহিৰাগত বণিয়াক লীজত দিয়াৰ এক বাতৰি অসমীয়া প্ৰতিদিন ডিজিটেলে শুকুৰবাৰে তথ্যসহ ফাদিল কৰিছিল। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদনত কেন্দ্ৰীয় চৰকাৰে কিদৰে ৯৯ বছৰলৈ ৰেল বিভাগৰ এক বৃহৎ অংশৰ ভূমি বহিৰাগত বণিয়ালৈ লীজত দিছিল সেই বিষয়ে বাতৰি প্ৰকাশ কৰাৰ পিছতে এতিয়া ৰাজ্যত তীব্ৰ জোকাৰণি সৃষ্টি হৈছে। ইয়াৰ মাজতে এই বিষয়টোক লৈ অন্যান্য দল, সংগঠনৰ লগতে কৃষক যুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
অসমীয়া প্ৰতিদিন ডিজিটেললৈ প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটোৱে ৰেলৱেৰ মাটি এইদৰে লীজত দিয়াৰ বিৰোধিতা কৰা বুলি উল্লেখ কৰি কয় যে, ৰেল বিভগ জনতাৰ কৰৰ টকাৰে গঢ়ি তোলা এটা ৰাজহুৱা প্ৰতিষ্ঠান গতিকে ৰাজহুৱা প্রতিষ্ঠান এটাৰ ভূমি এনেদৰে বণিয়াক মুনাফাৰ বাবে লীজত দিয়া কার্য কেতিয়াও গ্রহণযোগ্য হ'ব নোৱাৰে। কেন্দ্ৰত বিজেপি চৰকাৰ শাসনত অহাৰে পৰা দেশৰ এটাৰ পাছত আনটো ৰাজহুৱা সম্পদ পুঁজিপতিৰ হাতত গতাই দিছে, ইয়াৰ বিনিময়ত বিজেপি দলে পুঁজিপতিৰ পৰা দলীয় চান্দা সংগ্ৰহ কৰে নেকি বুলি সংগঠনটোরে সন্দেহ ব্যক্ত কৰিছে।
উল্লেখ্য যে অসমৰ বিভিন্ন ঠাইত ৰেল বিভাগৰ নামত অব্যৱহৃত হৈ থকা শ শ বিঘা মাটিত দীর্ঘদিন ধৰি থলুৱা ভূমিহীন পৰিয়ালে বসবাস কৰি আছে। এনে অব্যৱহৃত ভূমিৰ চৰকাৰে শীঘ্ৰেই জৰীপ কৰি ভূমিহীন থলুৱা লোকৰ বাবে আবাসিক এলেকা গঢ়ি তোলা অথবা শিক্ষিত থলুৱা নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে বাণিজ্যিক ক্ষেত্ৰ গঢ়ি তোলাৰ উদ্যোগ গ্রহণ কৰিবলৈ সংগঠনটোৱে চৰকাৰক দাবী জনায়।
প্ৰেছ বিবৃতিত কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু দেৱেন শৰ্মা, কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাতুল হুছেইন, ৰাজুৰাজ বৰপাত্ৰ গোহাঁই, যুটীয়া সাধাৰণ সম্পাদক বিতু সোনোৱাল আৰু বিদ্যুৎ শইকীয়াই কয় যে কৃষক মুক্তি সংগ্রাম সমিতিয়ে গুৱাহাটীৰ মাজমজিয়াত থকা ৰেল বিভাগৰ ভূমি বহিৰাগত বণিয়াৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰাৰ দাবী জনাই উত্তৰ-পূব ৰেলৱেৰ মহাপ্ৰৱন্ধকক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিব। সম্প্ৰতি কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজহুৱা সম্পদ ব্যক্তিগতখণ্ডক বিক্ৰী কৰাৰ যি প্ৰক্ৰিয়া চলাই আছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে ইয়াৰ সদায় বিৰোধিতা কৰি যাব আৰু গণতান্ত্রিক প্ৰক্ৰিয়াৰে ৰাজপথত সংগ্ৰাম গঢ়ি তুলিব।