কোকৰাঝাৰত মচি দিয়া হ'ল অসমীয়া আৰু ইংৰাজীৰ ভাষাত লিখা ফলক...

বড়ো ভাষাত নিলিখাৰ বাবে অসমীয়া আৰু ইংৰাজীৰ ফলকত বগা ৰং সানিলে বড়োলেণ্ড নেচনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছুৱে ।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত মচি দিয়া হ'ল অসমীয়া আৰু ইংৰাজীৰ ভাষাত লিখা ফলক...

ডিজিটেল সংবাদ, কোকৰাঝাৰ: বড়ো ভাষাত নিলিখাৰ বাবে অসমীয়া আৰু ইংৰাজীৰ ফলকত বগা ৰং সানিলে বড়োলেণ্ড নেচনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছুৱে । কেইদিনমান পূৰ্বে বিজনীত আছুৱে অসমীয়া ভাষা নিলিখাৰ ফলক নমাই থোৱাৰ পিছতে বৃহস্পতিবাৰে বনছুয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কোকৰাঝাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত থকা ফলকত বনছুৱে সানিসে বগা ৰং । বড়ো ভাষা ব্যৱহাৰ নকৰিলে বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৱে ।

অহা ১৫ জানুৱাৰীৰ ভিতৰত চৰকাৰী -বেচৰকাৰী কাৰ্যালয় , কোৰ্ট-কছাৰী , ব্যৱসায়িক অনুষ্ঠান -প্ৰতিষ্ঠান আদিত বড়ো ভাষা ব্যৱহাৰ কৰিবলৈ দাবী বনছুৰ । ভাষা আন্দোলনৰ বাবে শ্বহীদ হ'ল , সেয়েহে বড়ো ভাষা ব্যৱহাৰ কৰিবই লাগিব বুলি দাবী। বিটিচি চৰকাৰকো সমালোচনা কৰে বনছুয়ে ।

আৰু পঢ়ক: অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় কর্মশালা

assam kokrajhar