ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰৰ বনৰগাওঁ পৰিষদীয় সমষ্টিৰ মাগুৰমাৰীত হাগ্ৰামা মহিলাৰীৰ বিশাল পদযাত্ৰা ৷ মাগুৰমাৰী পথাৰৰ পৰা আজি বাহিৰ কৰা হয় বিপিএফৰ এক পদযাত্ৰা কাৰ্যসূচী ৷
পদযাত্ৰাত বিপিএফৰ শীৰ্ষ নেতা খাম্পা বৰগয়াৰী, দেৰহাছাৎ বসুমতাৰী সহ দলীয় নেতা - কৰ্মীকে ধৰি কেইবা সহস্ৰাধিক বিপিএফৰ সমৰ্থক-ৰাইজে অংশগ্ৰহণ কৰে ৷ প্ৰমোদ বড়ো হাটাও-বিটিচি বাচাও, প্ৰমোদ বড়োৰ কাম নাই, বিপিএফ জিন্দাবাদ আদি শ্ল’গানেৰে উত্তাল কৰে মাগুৰমাৰী ৰাজপথ ৷
পদযাত্ৰাৰ সময়ছোৱাত কেইবা ঠাইতো ৰাইজে পুষ্প ছটিয়াই হাগ্ৰামা মহিলাৰীক আদৰণি জনায় ৷ মাগুৰমাৰীৰ পৰা প্ৰায় দুই কিলোমিটাৰ পথ পদযাত্ৰা কৰি হাগ্ৰামা মহিলাৰীয়ে শালবাগান পথাৰত এক বিশাল জনজাগৰণ সভাত অংশ লৈ বিটিআৰ প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰব হৈ পৰে ৷
হাগ্ৰামাৰ মন্তব্য - "প্ৰমোদ বড়োই বিটিচি অঞ্চলত শান্তি আনিব পৰা নাই , একতা আনিব পৰা নাই, উন্নয়ন আনিব পৰা নাই ৷ বিপিএফৰ দিনত কোনো ছিণ্ডিকেটৰ সতে মই জড়িত নাছিলো ৷ প্ৰমোদ বড়োৰ দিনতহে শ্ৰীৰামপুৰত ছিণ্ডিকেট চলি আছে আৰু ছিণ্ডিকেটৰ সতে প্ৰমোদ বড়ো নিজে জড়িত আছে ৷"
উল্লেখ্য যে, বিটিচি অঞ্চলত শান্তিৰ বাবে বিপিএফৰ উদ্যোগত বিগত ১৩ মাৰ্চৰ পৰা পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে এই শান্তিৰ পদযাত্ৰা তথা ৰেলী চলি আছে ৷ ৰেলীত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে অংশগ্ৰহণ কৰে৷ বিপিএফৰ এই ৰেলী সম্পূৰ্ণৰূপে সফল হৈছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
Also Read: তামিল ছবিৰ ৰিমেক লৈ আহি আছে অক্ষয় কুমাৰ...