কোকৰাঝাৰৰ ছালাকাটিত নিশা গুলীচালনাঃ আহত এটা ডকাইত

কোকৰাঝাৰৰ ছালাকাটিত নিশা গুলীচালনাঃ  আহত এটা ডকাইত
Published on
Updated on

ডিজিটেল ডেস্কঃ কোকৰাঝাৰৰ ছালাকাটিৰ চাহ বাগানত দেওবাৰে নিশা সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ এনকাউন্টাৰত যোৱা ২৫জুনত কোকৰাঝাৰত সংঘটিত এলআইচিৰ ধন লুটৰ ঘটনাৰ সৈতে জড়িত আমিৰ হুছেইন নামৰ এটা ডকাইতৰ বাওঁভৰিত গুলী লাগি আহত হোৱা বুলি জানিব পাৰা গৈছে৷ আমিৰ হুছেইন ঘৰ চিৰাং জিলাৰ বিজনীৰ তিনি নং ভান্দাৰত৷

অৱশ্যে আৰক্ষীয়ে এই মূহুৰ্তলৈ সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই তথা সংবাদ মাধ্যমকো কোনো ধৰণৰ দৃশ্য গ্ৰহণৰ অনুমতি অথবা প্ৰৱেশৰ অনুমতি দিয়া নাই৷ আমিৰ হুছেইন সম্প্ৰতি কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

উল্লেখ্য যে যোৱা ২৫ জুনত এলআইচিয়ে গ্ৰাহকৰ সংগ্ৰহিত ধন ৩৪ লাখ টকা বেংকত জমা দিব আহিছিল। গাড়ীৰ পৰা নামি টকাৰ বেগ লৈ বেংকলৈ যাওঁতেই মটৰচাইকেলত অহা দুই দুৰ্ষ্কৃতিকাৰীয়ে ভেণ্ডৰৰ কৰ্মচাৰীৰ পৰা থাপ মাৰি লৈ গৈছিল ৩৪ লাখ টকাৰ বেগটো। ৩০জুনত আৰক্ষীয়ে ৩৪লাখ টকাৰ ভিতৰত ২০লাখ টকা উদ্ধাৰ কৰিছে। ঘটনাৰ সতে জড়িত চাৰি চিলনীচোৰক আটক কৰিছিল কোকৰাঝাৰ আৰক্ষীয়ে ।

কোকৰাঝাৰৰ ছালাকাটিত নিশা গুলীচালনাঃ  আহত এটা ডকাইত
জামুগুৰিহাটত যাত্ৰীবাহী বাছৰ পৰা জব্দ অবৈধ অৰুণাচলী সুৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in