ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰীত পুণৰ এনকাউণ্টাৰ সংঘটিত হৈছে । বুধবাৰে নিশা ৮ বজাত কোকৰাঝাৰ আৰক্ষীয়ে গোপন সূত্ৰমৰ্মে ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে যোৱা এ এছ ০১ ডি ডি ৮৬৩৫ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে । জব্দকৃত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে ৫৫ পেকেট গাঞ্জা উদ্ধাৰ কৰে যাৰ ওজন ৩৫০ কেজি বুলি আৰক্ষীয়ে সদৰি কৰিছে ।
ইয়াৰ লগতে গাঞ্জা সৰবৰাহ কৰা ত্ৰিপুৰা সুন্দৰটিলাৰ সুমন নমো(২৬) আৰু ৰাহুল সৰকাৰ(২০)ক আৰক্ষীয়ে আটক কৰে । কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সদৰি কৰা মতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক সোধপোছ কৰাত সুমন নমোই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভাওৰাগুৰীলৈ যোৱা পথৰ কাষত দুটা গাঞ্জাৰ পেকেট লুকুৱাই থোৱা বুলি সদৰি কৰে ।
আৰক্ষীয়ে সুমন নমোক লৈ নিশা প্ৰায় ১-৩০ বজাত গাঞ্জাৰ পেকেট দুটা উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীলৈ যায় আৰু শেষনিশা প্ৰায় ২ বজাত অভিযুক্তই দেখুৱাই দিয়া স্থানৰ পৰা আৰক্ষীয়ে গাঞ্জাৰ পেকেট দুটা জব্দ কৰে । সেইসময়তে অভিযুক্ত সুমন নমোই আৰক্ষীৰ পিষ্টল কাঢ়ি আৰক্ষীক গুলীয়াবলৈ উদ্যত হোৱাত আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰে আৰু অভিযুক্ত সুমন নমোৰ সোঁভৰিৰ আঠুৰ তলত গুলী লাগে । ইয়াৰ পিছতেই অভিযুক্তগৰাকী ঢলি পৰে।
আৰক্ষীয়ে গুলীবিদ্ধ সুমন নমোক চিকিৎসাৰ বাবে প্ৰথমে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । ইপিনে ৰহস্যজনকভাৱে গাঞ্জা কঢ়িওৱা ট্ৰাকখন অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে । আৰক্ষীয়ে সন্দেহ কৰা মতে প্ৰমান বিনষ্ট কৰাৰ বাবেই হয়তো অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে গাঞ্জা কঢ়িওৱা ট্ৰাকখন জ্বলাই দিয়ে । সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে ।