কলিয়াবৰ পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত

কলিয়াবৰ পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত
Published on
Updated on

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কুঁৱৰীটোল চাৰিআলিত বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু বলেৰ' বাহনৰ মুখামুখি সংঘৰ্ষত বাইক আৰোহী এজন যুৱক থিতাতে নিহত হয় । নিহত যুৱকজন আমবাগানৰ বিতু ৰয়(২৮) বুলি চিনাক্ত কৰা হৈছে ।

আনহাতে দুা্ঘটনাটোত গুৰুতৰ ভাৱে আহত হয় বিতু ৰয়ৰ পত্নী ৰিম্পী ওৰফে পুষ্পাঞ্জলি দাস(২০) । জানিব পৰা মতে আমবাগানৰ পৰা কুঁৱৰীটোল-শিলঘাট পথৰে এ এছ ০২ ভি ০২২৪ নম্বৰৰ বাইকৰে দুয়ো আহি থকাৰ পথত দ্ৰুতবেগী বলেৰ’খনে মুখামুখীকৈ তীব্ৰ জোৰে বাইক খনক খুন্দা মাৰে। যাৰ ফলতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷

দুৰ্ঘটনা সংঘটিত কৰি বলেৰ'খনৰ পলায়ন কৰে। দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত ৰিম্পী ওৰফে পুষ্পাঞ্জলি দাসক কলিয়াবৰ মহকুমা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷

কলিয়াবৰ পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত
৪ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সদনৰ শীতকালীন অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in