দিল্লী শ্বৰ্টছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাচিত দ্য ৱাৰিয়াৰলৈ শ্ৰেষ্ঠ এনিমেচনৰ বঁটা

দিল্লী শ্বৰ্টছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাচিত দ্য ৱাৰিয়াৰলৈ শ্ৰেষ্ঠ এনিমেচনৰ বঁটা
Published on
Updated on

ডিজিটেল ডেস্ক : অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে সুখবৰ। বিভিন্ন সময়ত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া ছবিয়ে বিশেষভাৱে সমাদৰ লাভ কৰি বঁটা তথা সন্মান পাবলৈ সক্ষম হৈ আহিছে।

এনে সময়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলি উঠিছে আন এখন অসমীয়া ছবি। দেশৰ ৰাজধানীত অনুষ্ঠিত হৈছে দিল্লী শ্বৰ্টছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই চলচ্চিত্ৰ মহোৎসৱত দেওবাৰে উজলি উঠিছে "লাচিত,দ্য ৱাৰিয়াৰ নামৰ চুটিছবিখন।

লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰ ওপৰত পাৰ্থসাৰথি মহন্তই নিৰ্মাণ কৰা চুটিছবিখনে শ্ৰেষ্ঠ এনিমেচনৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, ছবিখন প্ৰযোজনা কৰিছে মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই। চুটিছবিখনৰ ধাৰাভাষ্যকাৰ হৈছে অমৰজ্যোতি চৌধুৰী।

উল্লেখ্য যে,পাৰ্থসাৰথি মহন্ত পৰিচালিত চুটিছবিখনে সপ্তম চম্বল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো শ্ৰেষ্ঠ এনিমেচন চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল।

দিল্লী শ্বৰ্টছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাচিত দ্য ৱাৰিয়াৰলৈ শ্ৰেষ্ঠ এনিমেচনৰ বঁটা
হেমচন্দ্ৰ গোস্বামীৰ জীৱনভিত্তিক তথ্যচিত্ৰ প্ৰদৰ্শন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in