ডিজিটেল ডেস্ক : লখিমপুৰত দেখা গ'ল এখন ব্যতিক্ৰমী বিয়া৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু আয়তীৰ উৰুলিৰে হোমাগ্নিক সাক্ষী কৰি ইজনে-সিজনক স্বামী-পত্নী বৰণ কৰিছে ৷ দৰা-কইনাৰ সাজত ৬৭ বছৰীয়া ককা-আইতাৰ লগত একেলগে বিয়াত বহিল ১৯ বছৰীয়া নাতি-নাতিনী৷
ককা-আইতা, নাতি-নাতিনীৰ বিয়াখন বুধবাৰে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত সম্পন্ন হয়৷ সকলোৱে গা সাতখন আঁঠখন ৷ পুৱাৰে পৰা উখল মাখল পৰিৱেশ। কোনোৱে যদি হোমৰ খৰি গোটাইছে ৷ কোনোৱে আকৌ বৰমালা আৰু ঘট-টেকেলী যোগাৰ কৰিছে ৷ তিনি আলিৰ চুকৰ নাদত পানী তোলা পানীৰে গা-ধুই কইনা সাজি ওলাইছে মুনুকন ৷ লগত তৰামাই , সোণালী আৰু চামেলীহঁতো ৷ কোনোৱাই মুৰত পাগুৰি মাৰিছে ৷ বিনোদক শুৱাইছে পাটৰ সাজেৰে ৷ অংগবস্ত্ৰ চেলেং লৈ দৰাৰ সাজত বহিছে উপেন ককাও লগতে কপালত ডাঙৰকৈ সেন্দূৰৰ তিলক ল'বলৈ খদমদম নাতি তৰালীৰো ৷
সাতজনমৰ সম্পৰ্কৰ বান্ধোনেৰে বান্ধ খাইছে উভয় ৷ হান্স ফাউণ্ডেচন আৰু লখিমপুৰৰ সামূহিক বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত এনে ৬৪০ যোৰা দৰা কইনাৰ সামূহিক ভাৱে বিবাহ সম্পন্ন হয় ৷ য'ত ১৯ বছৰীয়া নাতিৰ লগত দৰা হিচাপে থাকিল ৬৭ বছৰীয়া ককাও ৷
লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগিতাত অনুষ্ঠিত হোৱা এই বিবাহ অনুষ্ঠানত ভাগৱতক সাক্ষী কৰি বিধি পাঠেৰেও বিবাহ পাশত আৱদ্ধ হয় ২৩ যোৰা দম্পতী ৷ বহু দিন পূৰ্বেই বিবাহ বৰ্হিভুত ভাৱেই যুগ্মজীৱনৰ পাতনি মেলা এই ৬৪০ গৰাকী দম্পতীয়ে আৰ্থিক দৈন্যৰ বাবেই হওক বা অন্য কাৰণত সামাজিক ভাৱে বিবাহ পাশত আৱদ্ধ হ'ব পৰা নাছিল ৷ ফলত তেওঁলোকৰ দাম্পত্যজীৱনক সমাজে স্বীকৃতি দিয়া নাছিল ৷ বুধবাৰে এই বিবাহ অনুষ্ঠানৰ যোগেদি এই সকল পুৰুষ মহিলাৰ যুগ্ম দাম্পত্য জীৱনক আনুষ্ঠানিক স্বীকৃতি দিয়া হয় ৷
আৰু পঢ়ক : মায়ং আৰক্ষীৰ জালত পুনৰ এজন গভাইত চোৰ