ঢকুৱাখনা সমষ্টি সন্দৰ্ভত মুখ্য নিৰ্বাচনী আয়ুক্তক ১১ দফীয়া দাবী পত্ৰঃ ২৪ সংগঠনৰ নিৰ্বাচন বর্জনৰ হুংকাৰ...

ঢকুৱাখনা সমষ্টি সন্দৰ্ভত মুখ্য নিৰ্বাচনী আয়ুক্তক ১১ দফীয়া দাবী পত্ৰঃ ২৪ সংগঠনৰ নিৰ্বাচন বর্জনৰ হুংকাৰ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা সমষ্টি সন্দৰ্ভত মুখ্য নিৰ্বাচনী আয়ুক্তক ১১ দফীয়া দাবী পত্ৰঃ ২৪ সংগঠনৰ নিৰ্বাচন বর্জনৰ হুংকাৰ...

ঢকুৱাখনা সমষ্টি সন্দৰ্ভত মুখ্য নিৰ্বাচনী আয়ুক্তক ১১ দফীয়া দাবী পত্ৰঃ ২৪ সংগঠনৰ নিৰ্বাচন বর্জনৰ হুংকাৰ...

ডিজিটেল সংবাদ ঢকুৱাখনা:  জনজাতিয় ৰাইজক সাংবিধানিক অধিকাৰ প্ৰদানৰ নামত অজনজাতিয় নাগৰিকৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ এক সুদীর্ঘ পৰিক্ৰমাৰ বিৰুদ্ধে মাৰ বান্ধিছে প্ৰাপ্য অধিকাৰ বঞ্চিত নাগৰিকে । ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টি (অনুসূচীত জনজাতি)ৰ ২৪ টা অজনজাতীয় সংগঠনৰ যৌথ নেতৃত্বত সমষ্টিটোত ঐক্যবদ্ধ হৈছে প্ৰবঞ্চিত ৰাইজ।

উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ ডি লিমিটেছন কমিটিয়ে ১৯৬৫ চনৰ  ১৫ এপ্ৰিলত এছ অ/১২১৯  নম্বৰৰ এক নিৰ্দেশনাৰ কৰাল গ্ৰাসৰ পৰা স্থায়ী পৰিত্ৰাণ ।  প্ৰসংগত উল্লেখ্য যে এই নিৰ্দেশনা যোগে ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিতো  অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ কৰা হৈছিল।

তেতিয়াৰো পৰা অৱধাৰিত ভাবে সুদীর্ঘ ৫৮ বছৰ ধৰি এই সমষ্টিবাসী অজনজাতীয় নাগৰিক জন প্ৰতিনিধিত্বৰ অধিকাৰৰ পৰা বঞ্চিত হৈ অহাই নহয় ৰাজনৈতিক অধিকাৰো খৰ্ব হৈ আহিছে। ভাৰতীয় সংবিধানৰ আলমত অনুসূচীত জনজাতিৰ বাবে সমষ্টিটো সংৰক্ষণ কৰা হৈছে ঠিকেই ।কিন্তু প্ৰায় ৫৮ বছৰ পূৰ্বে সমষ্টিটোত উপলব্ধ জনগাঁথনিৰ মাজত বৰ্তমানৰ জনগাঁথনিত পৰ্বত সম তফাৎ উপলব্ধ।

কাৰণ বিগত ২০০১ চনৰ জনসংখ্যা জৰীপত প্ৰকাশ যে ঢকুৱাখনা বিধান সভা সমষ্টিটোত অনুসূচীত জনজাতিৰ জনসংখ্যা ৩৯.৬০ শতাংশ আৰু অজনজাতীয় জনসংখ্যাৰ হাৰ ৬০.৪০ শতাংশ । চৰকাৰী তথ্য মতে সমষ্টিটোত অজনজাতীয় জনসংখ্যা বেছি হোৱাতো প্ৰতিপন্ন হোৱাৰ পাছতো কি যুক্তিত অনুসূচীত জনজাতিৰ বাবে সমষ্টিটো সংৰক্ষিত কৰি ৰখা হৈছে সেয়া বোধগম্য হোৱা নাই অজনজাতীয় নাগৰিকৰ ।

এনে ক্ৰুটিপূৰ্ণ বিধি ব্যৱস্থাৰে অৰ্ধশতিকাৰো অধিক কাল ধৰি সমষ্টিটোৰ সাধাৰণ নাগৰিকক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি অহা সংবিধান বিৰোধী পদক্ষেপৰ বিৰুদ্ধে সমষ্টিটোৰ ২৪ টা অজনজাতীয় সংগঠন একত্ৰিত হৈ গঠন কৰা "১১২নং ঢকুৱাখনা বিধানসভা সমষ্টি আৰক্ষণমুক্ত দাবী সমিতি"য়ে ইতিমধ্যে নাৰ্য সাংবিধানিক অধিকাৰ সাব্যস্ত কৰা গণতান্ত্ৰিক সংগ্ৰাম আৰম্ভ কৰিছে।

দাবী সমিতিয়ে সমষ্টিটোত ব্যাপক জনসজাগতা সৃষ্টি কৰি জনমত গঠন কৰি আহিছে। বিগত সময়ত নিৰ্বাচন আয়োগৰ উপৰিও যোৱা ১০ মাৰ্চত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক স্মাৰকপত্ৰ প্ৰদান কৰি সমষ্টিটোৰ সীমা পুনৰ নিৰ্ধাৰণ আৰু আৰক্ষণমুক্ত কৰাৰ যুক্তিসংগত দাবী উত্থাপন কৰিছিল ।

শেহতীয়া ভাবে দাবী সমিতিয়ে সোমবাৰে ভাৰতবর্ষৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰক লগ ধৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। দাবী সমিতিৰ উপদেষ্টা ভদ্ৰ গগৈ, সভাপতি বিশ্বনাথ দত্ত ,সম্পাদক চুছেন গগৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা লিখন চমুৱা, দাবী সমিতিৰ সাংগঠনিক সম্পাদক ললিত দাস, সহকাৰী  সম্পাদক গোবিন বৰুৱাৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে ৰাজ্যখনৰ নিৰ্বাচন ভৱনত ভাৰতৰ নিৰ্বাচনী আয়ুক্ত গৰাকীক সাক্ষাৎ কৰি এখন ১১দফীয়া দাবী পত্ৰ প্ৰদান কৰে।

সঁজাতি দলটোৱে মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীক সাক্ষাৎ কৰি বিগত অৰ্ধ শতিকাৰো অধিক কাল সমষ্টিটোৰ অজনজাতীয় নাগৰিকে ৰাজনৈতিক অধিকাৰৰ পৰা চক্ৰান্তমূলক ভাবে বঞ্চিত হৈ অহা অসাংবিধানিক পদক্ষেপৰ সন্দৰ্ভত বিস্তৃত ভাবে অৱগত কৰে।

দাবী পত্ৰত দাবী সমিতিয়ে বিগত ১৯৪৭ চনৰ পৰাই সমষ্টিটোৰ অজনজাতীয় নাগৰিক ৰাজনৈতিক গণতান্ত্ৰিক অধিকাৰ পৰা বঞ্চিত হৈ অহাৰ বাবে অৰ্থনৈতিক আৰু সামাজিক ভাৱে বহু পাছপৰি ৰোৱা বুলি ক্ষোভ উজাৰি তাৎক্ষণিক ভাৱে বিধানসভা সমষ্টিতোৰ সীমা পুনৰ নিৰ্ধাৰণ আৰু আৰক্ষণমুক্ত নকৰিলে এনে অগণতান্ত্ৰিক কাৰ্যৰ প্ৰতিবাদত আগত ২০২৪ বৰ্ষত অনুষ্ঠিতব্য লোক সভাৰ সাধাৰণ নিৰ্বাচন সমষ্টিটোৰ ২৪ টা অজনজাতিয় সংগঠন আৰু ৰাইজে বৰ্জন কৰিব বুলি স্পষ্ট ভাবে সকীয়াই দিছে আয়োগক ।

Also Read: বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...

ঢকুৱাখনা