ডিজিটেল সংবাদ, লখিমপুৰঃ ২০ বছৰত ভৰি দিলে অসমীয়া প্ৰতিদিনৰ উত্তৰ লখিমপুৰ সংস্কৰণৰ পূজাই ৷ বিশ্বকৰ্মা পূজা উপলক্ষত কাকতখনৰ কাৰ্যালয়টোত উচাহ পূৰ্ণ পৰিবেশ ৷
বিধিগতভাৱে হোম যজ্ঞৰে বিহীত ৰীতিৰে পূজা অনুষ্ঠিত কৰাটো অসমীয়া প্ৰতিদিনৰ পৰম্পৰা৷ এই পূজালৈ লখিমপুৰৰ ৰাইজেও যথেষ্ট সহাৰি আগবঢ়াই।
বিশ্ব খনিকৰৰ পূজা উপলক্ষ্যে অসমীয়া প্ৰতিদিনৰ উত্তৰ লখিমপুৰ কাৰ্যালয়ৰ ছপাশালৰ সা- সৰঞ্জামত মাল্যৰ্পন কৰা হৈছে ৷ যন্ত্ৰ পাতি সমূহ পৰিস্কাৰ কৰি আগন্তুক বৰ্ষত যাতে সক্ষমতাৰে কাকত ছপা হৈ থাকে তাৰে কামনা কৰা হৈছে ৷