ঘিলামৰাত ৭০ বছৰীয়া মহিলাক মুকবধিৰ ব্যক্তিৰ প্ৰাণনাশী আক্ৰমণ...

মুকবধিৰ, লম্পটপেপেই"ক কঠোৰ শাস্তি বিহাৰ ৰাজহুৱা দাবী

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত ৭০ বছৰীয়া মহিলাক মুকবধিৰ ব্যক্তিৰ প্ৰাণনাশী আক্ৰমণ...

ঘিলামৰাত ৭০ বছৰীয়া মহিলাক মুকবধিৰ ব্যক্তিৰ প্ৰাণনাশী আক্ৰমণ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: এগৰাকী মুকবধিৰ লম্পট ব্যক্তিৰ প্ৰাণনাশী আক্ৰমণৰ বলি হৈ জীৱন মৃত্যুৰে যুঁজিছে ঢকুৱাখনাৰ এগৰাকী মহিলাই । ঘটনাৰ স্থান ঢকুৱাখনা মহকুমাৰ ঘিলামৰা থানাৰ অন্তৰ্গত ২নং শিঙিয়া গাঁও। গাঁওখনৰ জন্মৰ পৰাই মুকবধিৰ ব্যক্তি সুচেণ গগৈ(৬০) ওৰফে পেপেইয়ে সোমবাৰে পুৱাবেলা গাওঁখনৰে স্বামীহীনা মহিলা পুণেশ্বৰী গগৈ(৭০)য়ে পথাৰত গৰু এৰাল দিবলৈ যোৱাৰ সময়তে উপৰ্যুপৰি চোকা অস্ত্ৰৰে ঘপিয়াই নিথৰ অৱস্থাত পেলাই আঁতৰি যায়।

মহিলা গৰাকীয়ে সমস্ত দেহত দাৰ ঘাপ আৰু ৰক্তাক্ত শৰীৰেৰে কিছুদূৰ দৌৰি গৈ পাছত পথতেই ঢলি পৰে।মহিলা গৰাকীৰ মৰণ কাতৰ আৰ্তনাদ শুনি সমীপৰ ৰাইজ আহি হাত, মূৰকে ধৰি শৰীৰৰ বিভিন্ন অংশত চোকা দাৰ ঘাপ প্ৰত্যক্ষ কৰি ঘিলামৰা সামূহিক চিকিৎসালয়লৈ নিয়ে। ঘিলামৰা সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা চলাই উন্নত আৰু জৰুৰী চিকিৎসাৰ বাবে অসম মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত ঘিলামৰা আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰাত ঘিলামৰা আৰক্ষীয়ে আহি উন্মত্ত ব্যক্তিজনক আটক কৰি থানালৈ লৈ যায়। স্থানীয় ৰাইজে জনোৱা মতে সমগ্ৰ অঞ্চলটোত বহু বছৰ ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে এইজন বিবাহিত দুটা সন্তানৰ পিতৃয়ে।

মহিলাক নিসংগ অৱস্থাত দেখিলেই অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ চেষ্টা কৰা এইজন বাকশক্তিহীন ব্যক্তিৰ লক্ষ্য হোৱাৰ ভয়ত ত্ৰস্তমান হ'ব লগা হয় অঞ্চলটোৰ মহিলাসকল। সোমবাৰেও বয়স্ক মহিলাগৰাকীয়ে গৰু এৰাল দিবলৈ অকলে যাওঁতেই আবিৰ্ভাৱ হোৱা লম্পট "পেপেই" য়ে অপকৰ্ম কৰিবলৈ চেষ্টা চলাই ব্যৰ্থ হোৱাৰ পাছতে এনে প্ৰাণনাশী আক্ৰমণ কৰি মহিলাগৰাকীক গুৰুতৰ ভাবে জখম কৰে বুলি স্থানীয় ৰাইজ আৰু আহত মহিলাগৰাকীৰ আত্মীয়ই সংবাদ মাধ্যমক জানিবলৈ দিছে।

ইতিমধ্যে ঘিলামৰা আৰক্ষীয়ে আক্ৰমণকাৰী সুচেণ গগৈ ওৰফে পেপেইক গ্ৰেপ্তাৰ কৰিছে। স্থানীয় ৰাইজে এইজন বৰ্বৰ চৰিত্ৰৰ ব্যক্তিক যাব্বজীৱন কাৰাদণ্ড বিহাৰ ৰাজহুৱা দাবী উত্থাপন কৰিছে। ৰাইজে অঞ্চলটোৰ কলংক স্বৰূপ লম্পট চৰিত্ৰৰ ব্যক্তিজনক সমূহীয়াভাৱে আক্ৰমণ কৰাৰ বাবে উদ্যত হৈছিল যদিও আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয়।

Also Read: আমেৰিকাত মোডীৰ সভাত বিহু প্ৰদৰ্শন প্ৰৱাসী অসমীয়াৰ...

ঢকুৱাখনা ঘিলামৰা অপৰাধ