চিলাপথাৰৰ ডাম্বুকত ৰে'ল দলঙৰ পৰা জপিয়াই মৃত্যু হ'ল এজন যুৱকৰ...

ৰে'লৰ খুন্দাৰ পৰা ৰক্ষা পাবলৈ জাপ দিছিল নৈত !
চিলাপথাৰৰ ডাম্বুকত ৰে'ল দলঙৰ পৰা জপিয়াই মৃত্যু হ'ল এজন যুৱকৰ...
চিলাপথাৰৰ ডাম্বুকত ৰে'ল দলঙৰ পৰা জপিয়াই মৃত্যু হ'ল এজন যুৱকৰ...
Published on
Updated on

ডিজিটেল সংবাজ চিলাপথাৰঃ আজি বগীবিল দলঙৰ সমীপত সংঘটিত হৈছে এক কৰুণ ঘটনা। ৰে'লৰ খুন্দাৰ পৰা ৰক্ষা পাবলৈ নৈত জাপ দিলে এজন কিশোৰে।

ঘটনাৰ বিৱৰণ অনুসৰি আজি বিয়লি প্ৰায় ৩ বজাত বগীবিল দলঙৰ সমীপৰ ভাঙিদিয়া বৰচেলেকৰ ১৭ বছৰীয়া কমলা কান্ত দলেই দাম্বুকৰ কোনো সম্পৰ্কীয়ৰ ঘৰৰ পৰা টঙানি ৰে'ল দলঙৰে পদব্ৰজে ঘৰলৈ গৈ আছিল। তেনে সময়তে ডিব্ৰুগড়ৰ দিশৰ পৰা ধেমাজি অভিমুখে গৈ থকা এখন তীব্ৰ বেগী মালবাহী ৰে'লৰ সৈতে মুখামুখী হয় ।

ফলত যুৱকজনে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত প্ৰাণৰ মমতাত ৰে'ল দলঙৰ পৰা টঙানী নদীত জপিয়াই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। ইপিনে নদীৰ গভীৰ অংশত পৰি খন্তেকতে মৃত্যু হ'ল দুৰ্ভগীয়া যুৱকজনৰ। ইতিমধ্যে নদীৰ বুকুৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ।

বৰচেলেক ভাঙিদিয়াৰ নিবাসী মনোজ দলেৰ সৰবৰাহী তথা অমায়িক পুত্ৰ কমলা কান্তৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

চিলাপথাৰৰ ডাম্বুকত ৰে'ল দলঙৰ পৰা জপিয়াই মৃত্যু হ'ল এজন যুৱকৰ...
কামপুৰৰ বান বিধ্বস্ত অঞ্চলত পীযুষ হাজৰীকাঃ কলিয়াবৰত ৰাজনৈতিক কথা নোকোৱাৰ অংগিকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in