ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ। আঞ্চলিক দলটোৰ প্ৰগতিশীল ৰাজনৈতিক পৰিক্ৰমাক প্ৰধান উপজীব্য হিচাবে লৈ আঞ্চলিকতাবাদৰ ধাৰা প্ৰবাহিত কৰাত দলৰ কেন্দ্ৰীয় সমিতিয়ে যথোচিত গুৰুত্ব আৰোপ কৰিছে। শেহতীয়া ভাবে কেন্দ্ৰীয় সমিতিয়ে প্ৰতিখন জিলাৰ বিধান পৰিষদ সমষ্টি সমিতি সমূহৰ উদ্যোগত সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।
তাৰেই অংশ হিচাপে ২১অক্টোবৰ সোমবাৰে ঢকুৱাখনা বিধান পৰিষদ সমষ্টিৰ উদ্যোগত ধেনুখণা সংগীত সূৰ্য ৰংগমঞ্চ প্ৰাঙ্গনত এখন দলীয় কৰ্মশালা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ঢকুৱাখনা বিধান পৰিষদ সমষ্টিৰ সভাপতি মহেশ দলেয়ে জনোৱা মতে সোমবাৰে দিন জোৰাকৈ অনুষ্ঠিত হব লগা এই বিধানসভা সমষ্টি ভিত্তিত দলীয় কৰ্মশালা সফল আয়োজনৰ বাবে নৃপেন শইকীয়াক সভাপতি আৰু সুভন গগৈক সম্পাদক হিচাবে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।
বিধানসভা সমষ্টিটোৰ আঞ্চলিক দলটোৰ বিধান পৰিষদ সমিতি, মাণ্ডলিক সমিতি, যুৱ পৰিষদ,মহিলা পৰিষদ আদি সকলো ভাতৃ-ভগ্নী সংগঠনৰ সকলো প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সকলে অংশগ্ৰহণ কৰিব এই কৰ্মশালাত। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ,বিধান পৰিষদৰ প্ৰতিবেদন পাঠৰ পাছতে অনুষ্ঠিত হব কৰ্মশালা।
"অসম আন্দোলন আৰু অগপ দলৰ ৰাজনৈতিক বিৱৰ্তন" আৰু "সাম্প্ৰতিক ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব" শীর্ষক নিৰ্ধাৰিত বিষয়বস্তুৰ ওপৰত সমল ব্যক্তি হিচাবে উপস্থিত থাকি বক্তব্য আগবঢ়াব অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু তুলন কোঁৱৰে। হাৰ্হি মাণ্ডলিকৰ সহযোগ আৰু অতিথ্যত অনুষ্ঠিতব্য এই দলীয় কৰ্মশালাত বিধান পৰিষদৰ অন্তৰ্গত সকলো ৰাজ্যিক বিষয়ববীয়া, সদস্য , মাণ্ডলিক সমিতিকে প্ৰমুখ্য কৰি অন্যান্য শাখা সংগঠন সমূহৰ প্ৰতিনিধি সকলক নিশ্চিতভাৱে উপস্থিত থকাৰ বাবে ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধান পৰিষদৰ সভাপতি মহেশ দলেয়ে আহ্বান জনাইছে।
Also Read: পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে অমানুষিক অত্যাচাৰৰ অভিযোগ চাৰিদুৱাৰৰ বৃদ্ধ দম্পতীৰ...