বিজেপিৰে মিত্ৰতাৰ নামত তিক্ততাহে ভোগীছে অগপই

ৰাষ্ট্ৰীয় দলৰ পতাকাৰ তলত সুৰক্ষিত নহয় অসম আৰু অসমীয়া- দীপক বৰদলৈ
বিজেপিৰে মিত্ৰতাৰ নামত তিক্ততাহে ভোগীছে অগপই
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যৰ ৰাজনীতিৰ পৰিৱৰ্তিত পৰিস্থিতিত আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত ৰাষ্ট্ৰীয় দল বিজেপিৰ সৈতে ৰাজনৈতিক মিত্ৰতা কৰিছিল। কিন্তু মিত্ৰ দল তথা মিত্ৰ দলৰ চৰকাৰৰ পৰা মিত্ৰতাৰ নামত তিক্ততা হে ভোগ কৰি আহিছে। এক কথা অতি অপ্ৰিয় হলেও ক'বই লাগিব। এইখন চৰকাৰে আমাক কি কৰা নাই? আমি অগপ দল যদিও মিত্ৰতাত আছোঁ, গেৰুৱা দলে আমাক কিন্তু মিত্ৰতাৰ সোৱাদ দিয়া নাই। তিক্ততা আৰু বঞ্চনাহে দিছে। এই তিক্ততা আৰু বঞ্চনাৰ প্ৰতিবাদ আমি কৰিবই লাগিব। আমি দলৰ কৰ্মী নেতা সকলক সতৰ্ক কৰি দিব বিচাৰিছোঁ। অনাগত স্বায়ত্ব শাসিত পৰিষদ,পঞ্চায়ত আদি নিৰ্বাচনত আমি একক ভাবে জড়িত হৈ আমাৰ প্ৰাৰ্থীক জয়ী কৰাৰ চেষ্টাত ব্ৰতী হ'ব লাগিব। তাৰ বাবে অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,সাধাৰন সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আদিয়ে সন্মিলিত ভাবে সিদ্ধান্ত গ্ৰহণ কৰি সাংগঠনিক এটা মজবুত ভেঁটি গঢ়িবলৈ দলীয় কৰ্মশালাৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশনা দিছে ।

বিজেপিৰে ৰাজনৈতিক মিত্ৰতাৰ নামত অসম গণ পৰিষদৰ দলৰ অভ্যন্তৰত উন্মেষ ঘটা পঞ্জীভূত ক্ষোভ অসন্তুষ্টিৰ বৰ্হি প্ৰকাশ ঘটাই সোমবাৰে এই মন্তব্য কৰে লখিমপুৰ জিলা অগপৰ সভাপতি দীপক বৰদলৈয়ে। অসম গণ পৰিষদৰ ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত সোমবাৰে ধেনুখণাৰ সংগীত সূৰ্য ৰংগমঞ্চ প্ৰাঙ্গনত অনুষ্ঠিত ৰাজনৈতিক কৰ্মশালাৰ আদৰণি ভাষণ আগবঢ়াই এই তীৰ্যক মন্তব্য কৰে জিলা সমিতিৰ সভাপতিগৰাকীয়ে।

নিজৰ বক্তব্যত সভাপতি বৰদলৈয়ে কয়, ৰাষ্ট্ৰীয় দলৰ পতাকাৰ তলত আমি আৰু আমাৰ ভৱিষ্যত সুৰক্ষিত নহয়। আমি ৰাষ্ট্ৰীয় দলৰ পতাকাৰ তলত থাকি কেৱল বঞ্চনা প্ৰতাৰণা ভোগী আহিছো। আগলৈকো পাম, যদিহে আমি সময় থাকোতেই সচেতন নহওঁ।

আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ ওচৰত বলি নহও । আমি বীৰ লাচিতৰ ,বীৰাঙ্গনা মূলা গাভৰুৰ দেশৰ মানুহ। আমি স্বাভিমানী জাতি। নিজৰ শিৰ উন্নত কৰি ৰখা মানুহ আমি। আগলৈকো এনেকৈ স্বাভিমানেৰে শিৰোন্নত কৰি জীয়াই থাকিব লাগিব।

কোনো ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ পতাকাৰ তলত সোমাই থাকিলে আমাৰ স্বাভিমান বৰ্তীও নাথাকে সুৰক্ষিত হৈও নাথাকে। ঢকুৱাখনা বিধান পৰিষদৰ অন্তৰ্গত বিভিন্ন মাণ্ডলিক সমিতি, যুৱ পৰিষদ,মহিলা পৰিষদ আদি সহযোগী সমিতিৰ শতাধিক দলীয় কৰ্মকর্তাই অংশগ্ৰহণ কৰা কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় দলীয় পতাকা উত্তোলন আৰু ছহিদ তৰ্পনেৰে।

দুপৰীয়া বিধান পৰিষদৰ সভাপতি মহেশ দলেৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মশালাত অগপৰ কেন্দ্ৰীয় উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক তথা সমষ্টিটোৰ তত্বাৱধায়ক, সমল ব্যক্তি তোলন কোঁৱৰ, সাধাৰণ সম্পাদক, প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হৰিচন্দ্ৰ বৰুৱা, সাধাৰণ পৰিষদৰ সদস্য প্ৰাঞ্জল দিহিঙীয়া, লখিমপুৰ জিলা অগপৰ উপ সভাপতি মিনাৰাম পেগু, জ্যেষ্ঠ অগপ নেতা দুলাল দত্ত, মহিলা পৰিষদৰ সভনেত্ৰী ৰূপাঞ্জলি চুতীয়া, বিধান পৰিষদৰ বিত্ত সম্পাদক নিতুল বৰা আদি উপস্থিত থাকে।

কৰ্মশালাৰ পূৰ্বে উদ্দেশ্য ব্যাখ্যা আৰু সম্পাদকৰ প্ৰতিবেদন পাঠ কৰে বিধান পৰিষদৰ সম্পাদক সুৰেন চাংমায়ে। কৰ্মশালাত অংশগ্ৰহণ কৰি অগপ নেতা তুলন কোঁৱৰে ৰাজ্যখনত "কা" আন্দোলন কৰাসকল উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছত ক'লৈ গ'ল বুলি প্ৰশ্ন তুলি কেৱল শাসনৰ গাদী দখল কৰিবলৈ "কা" আন্দোলন কৰাসকলে এতিয়া আত্মহত্যা কৰক বুলি আহ্বান জনায় তেওঁলোকৰ ক্ষমতালুভী চৰিত্ৰ ৰাইজে বুজি উঠিছে বুলি মন্তব্য কৰে।

তেওঁ কৰ্মশালাৰ পৰা সংগৃহীত সকলো বাৰ্তা গাঁও,আঞ্চলিক, ভোট কেন্দ্ৰ পৰ্যন্ত কঢ়িয়াই নি ৰাইজক সজাগ সচেতন কৰি দলৰ ভেঁটি মজবুত কৰাত ব্ৰতী হোৱাৰ আহ্বান জনায়। কৰ্মশালাত ঐতিহাসিক আন্দোলন, অসম চুক্তিত স্বাক্ষৰ আৰু পৰৱৰ্তী সময়ত প্ৰগতিশীল আঞ্চলিক ৰাজনৈতিক দল অগপৰ জন্ম যন্ত্ৰণা, পৰিৱৰ্তিত পৰিস্থিতিত একক ৰাজ্য শাসনলৈ উত্থান আৰু সাম্প্ৰতিক সময়ত দলটোৰ প্ৰাসংগিকতা আৰু সৰ্বজন গ্ৰাহ্যতা সন্দৰ্ভত বিশ্লেষনাত্মক বক্তব্য আগবঢ়াই অগপ দলৰ কেন্দ্ৰীয় উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই।

কৰ্মশালাৰ অন্যতম সমলব্যক্তি হিচাবে উপস্থিত থাকি কেন্দ্ৰীয় নেতাগৰাকীয়ে শ্ৰুতিমধুৰ বক্তব্যৰে উপস্থিত দলীয় কৰ্মকর্তাসকলক সন্মোহিত কৰে। কৰ্মশালাত প্ৰবীণ অগপ নেতা তথা দলৰ সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকায়ো সমল ব্যক্তি হিচাবে উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত মননশীল বক্তব্য আগবঢ়াই।

বিজেপিৰে মিত্ৰতাৰ নামত তিক্ততাহে ভোগীছে অগপই
অৱজ্ঞা, উপেক্ষাত অতিষ্ঠ হৈ চিলাপথাৰত বিজেপি নেতা, কৰ্মীৰ সমূহীয়া পদত্যাগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in