ঢকুৱাখনাত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

ঢকুৱাখনাত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৮৫৫ গৰাকী বীৰ শ্বহীদৰ আত্মবলিদানেৰে ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত  ১৯৮৫ চনৰ ১৪অক্টোবৰত গোলাঘাট জিলাত আত্মপ্ৰকাশ কৰিছিল ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে। খিলঞ্জীয়া অসমীয়াৰ জাতীয় অস্তিত্ব  সুৰক্ষিত কৰাৰ লক্ষ্য উদ্দেশ্যৰে গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে শনিবাৰে ৩৮ বছৰ পূৰ্ণ কৰি ৩৯বর্ষত পদাৰ্পন কৰিলে। আঞ্চলিক দলটোৰ এই পবিত্ৰ শুভক্ষণটো ঢকুৱাখনা বিধান পৰিষদ সমিতিৰ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে এই ৩৯সংখ্যক প্ৰতিষ্ঠা দিৱস হিচাবে পালন কৰা হয় ।

দলটোৰ ঢকুৱাখনা নগৰত অৱস্থিত বিধান পৰিষদৰ কাৰ্য্যালয় "সমন্বয় ভৱন"ত শনিবাৰে প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি কাৰ্য্যালয় চৌহদত গছপুলি ৰোপণ, কৰা হয়। ইয়াৰ পাছতে দলৰ পতাকা উত্তোলন কৰে বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱাই। দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মহেশ দলে, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সমুজ্জল চেতিয়া, দুলাল দত্ত, মহিলা পৰিষদৰ কেন্দ্ৰীয় নেত্ৰী ৰূপাঞ্জলী চুতীয়াকে প্ৰমুখ্য কৰি বিধান পৰিষদৰ গৰিষ্ঠ সংখ্যক নেতৃবৰ্গ ও কৰ্মকর্তাৰ উপস্থিতিত সভাপতি বৰুৱাৰ পতাকা উত্তোলন পৰ্বৰ পাছতেই অনুষ্ঠিত হয় শ্বহীদ স্মৰণ, নাম প্ৰসঙ্গ , দিহা নাম আদি অনুষ্ঠান।

এই প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি সমষ্টিটোৰ মুঠ ৫৭ গৰাকী বৰ্ষীয়ান, জ্যেষ্ঠ নাগৰিকক বিধান পৰিষদৰ তৰফৰ পৰা গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু আঞ্চলিক দলটোৰ অগ্ৰগামী যাত্ৰাৰ বাবে পৰামৰ্শ আশীৰ্বাদ কামনা কৰা হয়। আঞ্চলিক দলটোৰ এই ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে ঢকুৱাখনা বিধান সভা সমষ্টিটোৰ মুঠ ১৬গৰাকী ব্যক্তিয়ে আঞ্চলিক দলটোত স্বেচ্ছাই যোগদান কৰে। অসমৰ অস্তিত্বৰ সুৰক্ষা আৰু উন্নয়ন বিকাশৰ বাবে আঞ্চলিকতাবাদ আৰু আঞ্চলিক ৰাজনৈতিক শক্তিৰ বিকল্প নাই বুলি মত পোষণ কৰি দললৈ আগমন ঘটা নবাগত সকলক অগপ দলৰ গলবস্ত্ৰ আৰু ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।

বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱাই জনোৱা মতে সন্ধিয়া কাৰ্য্যালয় চৌহদত বন্তি প্ৰজ্বলন কৰি অসম আন্দোলনৰ প্ৰথম গৰাকী বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা অন্তিম গৰাকী বীৰ শ্বহীদ অম্বেশ্বৰ বৰা পৰ্যন্ত ৮৫৫ গৰাকী শ্বহীদৰ বিদেহ আত্মাৰ চিৰ সদগতি কামনাৰে সমূহীয়া প্ৰাৰ্থনা কৰি প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ সামৰণি মৰা হব ।

Also Read: ইজৰাইল-হামাছৰ যুদ্ধত সাংবাদিকৰ মৃত্যু

অগপ