ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ অন্যতম অগ্ৰণী নাট্যশিক্ষানুষ্ঠান 'ঢকুৱাখনা নাট্য বিদ্যালয়'ৰ উদ্যোগত অনুষ্ঠিত হৈ অহা ড০ চন্দ্ৰধৰ চমুৱা আৰু সোণধৰ খনিকৰ সোঁৱৰণী 'সদৌ অসম একাংক নাট প্ৰতিযোগিতা আৰু নাট সমাৰোহ'ৰ এইবাৰো অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ত্ৰয়োদশ বাৰ্ষিক এই নাট প্ৰতিযোগিতাখন অহা ২৬, ২৭ আৰু ২৮ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনা নগৰৰ গনেশ গগৈ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে।
উদ্যোগক্তা সমিতিয়ে জনোৱা মতে প্ৰতি সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এইবৰ্ষৰ নাট প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ নাট্যদললৈ মানপত্ৰসহ নগদ ২০ হাজাৰ টকা, দ্বিতীয় শ্ৰেষ্ঠ নাট্যদললৈ মানপত্ৰসহ নগদ ১৫ হাজাৰ টকা, তৃতীয় শ্ৰেষ্ঠ নাট্যদললৈ মানপত্ৰসহ নগদ ১০ হাজাৰ টকাসহ সৰ্বমুঠ ১ লাখ টকা পুৰস্কাৰ আগবঢ়োৱা হ'ব।
এই উপলক্ষে ১৯ অক্টোবৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাই সৰ্বসন্মতিক্ৰমে প্ৰবীণ শিক্ষাবিদ পূৰ্ণানন্দ গগৈক সভাপতি, নিলোৎপল গোস্বামীক কাৰ্যকৰী সভাপতি, গনেশ চমুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ ৩৫ জনীয়া এখন উদযাপন সমিতি গঠন কৰা হয়। ৰাজ্যখনৰ আগ্ৰহী নাট প্ৰতিযোগী নাট্যদলসমূহে মেচাৰ্ছ গগৈ ব্ৰাৰ্দাচ, ঢকুৱাখনা চাৰিআলি ঢকুৱাখনা,৭৮৭০৫৫ নাইবা ভ্ৰাম্যভাষ : ৯১০১৮ ২৪৯২২, ৯১০১০ ২৮১০১ অথবা ৮০১১৪৭৪৭০৬ যোগে অহা ৩০ নৱেম্বৰৰ ভিতৰত মঞ্চস্থ কৰিব বিচৰা নাটকৰ দুটা ডি.টি.পি. কৰা পাণ্ডুলিপি, নাট্যকাৰৰ অনুমতি পত্ৰসহ ১ হাজাৰ টকা যোগদান মাচুলেৰে যোগদান নিশ্চিত কৰিবলৈ উদযাপন সমিতিয়ে আহ্বান জনাইছে।
তাৰোপৰি নাট সমাৰোহখনৰ সফল ৰূপায়ণতসমূহ নাট্য প্ৰেমী ৰাইজ, অনুষ্ঠান প্ৰতিষ্ঠান, দল-সংগঠনৰ সহযোগিতা তথা গঠনমূলক দিহা-পৰামৰ্শ আৰু উপস্থিতি আন্তৰিকতাৰে উদযাপন সমিতিয়ে কামনা কৰিছে।
Also Read: ধেমাজি গ্ৰন্থ উৎসৱত “সংবাদ মাধ্যম আৰু নৱপ্ৰজন্ম” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন...