ঢকুৱাখনা পৌৰ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি

ঢকুৱাখনা পৌৰ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি

Published on

ডিজিটেল সংবাদ, ঢকুৱাখনা : সদৌ অসম পৌৰ  নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ঢকুৱাখনা পৌৰ সভাৰ কৰ্মচাৰীসকলে প্ৰাপ্য বিচাৰি সাব্যস্ত কৰিছে গণতান্ত্ৰিক প্ৰতিবাদ।  বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনা পৌৰ কৰ্মচাৰীসকলে পৌৰসভাৰ কাৰ্য্যালয়ত সাব্যস্ত কৰিছে সৰ্বাত্মক প্ৰতিবাদ।

ৰাজ্যখনৰ লগতে ঢকুৱাখনা পৌৰ সভাৰ কৰ্তব্যপৰায়ন পৌৰ কৰ্মচাৰীসকলৰ প্ৰতি চৰকাৰ পৌৰ সভাই প্রদর্শন কৰি অহা দায়িত্বহীন আচৰণৰ বাবে পৌৰ কৰ্মীসকলে কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰধানতঃ পৌৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, হৰিজন চাফাই কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰি চৰকাৰী সমহাৰত বেতন আদায় দিয়া, মাহ মাহ ধৰি অনাদায় বেতন আদায় দিয়া আদি বিভিন্ন  দাবীৰ সমৰ্থনত দুদিনকৈ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰি কাৰ্যতঃ অচল কৰি তোলে পৌৰ সভাৰস্ব স্বাভাৱিক  কাম কাজ।

৪ অক্টোবৰৰ পুৱা ৫ বজাৰ পৰা ৫ অক্টোবৰৰ বিয়লি ৫ বজালৈ এই সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী সাব্যস্ত কৰি  পৌৰ নিগম নিকায় কৰ্মচাৰী সন্থাই তৎকালে পৌৰ কৰ্মচাৰী সকলৰ প্ৰতি কৰি অহা বঞ্চনা প্ৰতাৰণা বন্ধ কৰি শ্ৰমৰ বিপৰীতে প্ৰাপ্য শীঘ্ৰে আদায় দিয়াৰ দাবী জনায়। তাৰোপৰি ইতিমধ্যে কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰা পৌৰ কৰ্মী সকলৰ পেঞ্চনৰ ব্যৱস্থা কৰাৰো দাবী জনাই প্ৰতিবাদকাৰী কৰ্মচাৰী সকলে এই গুৰুত্বপূৰ্ণ  দাবীসমূহ তৎকালে কাৰ্যকৰী নকৰিলে অধিক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নী দিয়ে ।

উল্লেখযোগ্য যে ঢকুৱাখনা পৌৰ সভাৰ অদূৰদৰ্শী পৌৰপতি  ৰাজীৱ দাস আৰু কাৰ্যবাহী নয়ন জ্যোতি নাথৰ অধ্যক্ষ পৰিচালনাৰ বাবে পৌৰসভাখনৰ পুঁজি ব্যাপক হাৰত অপচয় হোৱাৰ অভিযোগ অতি পুৰণি । চূড়ান্ত ময়মতালিৰে পৌৰ সভাখন পৰিচালনা কৰি অহা এই দুই অকমন্য নেতৃত্বৰ বাবেই পৌৰসভাৰ অভ্যন্তৰত সৃষ্টি হৈছে ব্যাপক বিত্তীয় কেলেংকাৰী ।

এই দুই মতলবী নেতৃত্বই অলপতে পৌৰ সভাৰ প্ৰায় ৪ লক্ষ টকা অসৎ পন্থাৰে পৌৰ সভাৰ একাউন্টৰ পৰা সৰকাই নিছিল। এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পাছত নিশাই পৌৰসভাৰ কাৰ্য্যালয়ত ৰহস্যজনকভাৱে লগোৱা হৈছিল ৪ টা শীতাতপ নিয়ন্ত্ৰণ যন্ত্ৰ ।

কোনো ধৰণৰ পৌৰ সভাৰ বৰ্ড সভাত গৃহীত নোহোৱাকৈ কেৱল কুক্ষীগত কৰা পুঁজি ব্যৱহাৰ কৰা দেখুৱাবলৈ নিশাই সংস্থাপন কৰা হৈছিল এই এ চি যন্ত্ৰ। নিজৰ বাবে অভিলাসী এ চি ৰুম সৃষ্টি কৰি দৈনিক প্ৰতিকূল বতৰকো উপেক্ষা কৰি নিৰন্তৰ সেৱা আগবঢ়াই যোৱা খাটি খোৱা পৌৰ কৰ্মী সকলৰ শ্ৰমৰ বিনিময়ত প্ৰাপ্য মাননি আদায় নিদি যি চূড়ান্ত বেপৰোৱা নীতি গ্ৰহণ কৰি আহিছে তাক লৈ সচেতন নাগৰিক সকলক স্তম্ভিত কৰিছে ।

ঢকুৱাখনা পৌৰ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি
কংগ্ৰেছে অসমীয়াৰ ভাল হোৱাটো নিবিছাৰে : পীযুষ হাজৰীকা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in