ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত অমৃত মহোৎসৱৰ কাৰ্যসূচী

ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত অমৃত মহোৎসৱৰ কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ভাৰতবর্ষৰ স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঢকুৱাখনা মহকুমাৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান চেইণ্ট থমাছ স্কুলৰ উদ্যোগত সন্ধালনী ভাবে অনুষ্ঠিত কৰি অহা হৈছে বিভিন্ন কাৰ্যসূচী ।  বিদ্যায়তনিক শিক্ষা ব্যৱস্থাৰ লগতে বৌদ্ধিক, সাংস্কৃতিক, শাৰীৰিকসহ শিক্ষাৰে শিক্ষাৰ্থীসকলক পৈণত মানৱ সম্পদ হিচাবে গঢ়ি তুলি এখন পৰিশীলিত সমাজ গঠন কৰিবলৈ নিৰন্তৰ প্ৰয়াস চলাই যোৱা বিদ্যালয় পৰিয়ালৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় এক মনোজ্ঞ অনুষ্ঠান ।

বিদ্যালয়ৰসমূহ শিক্ষক কৰ্মচাৰী, শিক্ষাৰ্থী আৰু গৰিষ্ঠ সংখ্যক অভিভাৱকৰ অংশগ্ৰহণেৰে শুকুৰবাৰে বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয় "মোৰ দেশ মোৰ মাটি" কাৰ্যসূচীৰ এক অংশ । দেশ মাতৃৰ ভৌগোলিক অস্তিত্ব আৰু স্বকীয় মৰ্যাদা সুৰক্ষাত বৰেণ্য অৱদান আগবঢ়াই যোৱা ১২গৰাকী দেশসেৱক আৰু ভাৰতীয় সেনাৰ যোদ্ধাৰসতে শিক্ষাৰ্থীসকলক পৰিচয় কৰাই দিয়া হয়। এই সন্দৰ্ভত আয়োজিত অনুষ্ঠানৰ প্ৰাৰম্ভণিতে দেশমাতৃৰ সুৰক্ষাৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ সশ্ৰদ্ধ স্মৰণেৰে শ্বহীদ তৰ্পণ কৰে জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত সেনা জোৱান ৰাম মোহন গগৈয়ে। ইয়াৰ পাছতে পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত সেনা জোৱান ফুলেশ্বৰ গগৈয়ে।

"মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অংশ হিচাপে বিদ্যালয় চৌহদত বিদ্যালয় পৰিয়ালৰ সহযোগিতাত ৬০জোপা মূল্যবান গছৰ পুলি ৰোপণ কৰি সুৰক্ষিত বেৰা দিয়া হয় আৰু উপস্থিত প্ৰতি গৰাকী ব্যক্তিয়ে অমৃত কলহত মাটি দান কৰে । মনোগ্ৰাহী অনুষ্ঠানটোত "মোৰ মাটি মোৰ দেশ" বিষয় বস্তুৰ ওপৰত বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ঋত্বিকা ডনা , চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী সমৃদ্ধি কোঁৱৰ আৰু  বিদ্যালয়ৰ অধ্যক্ষ ছেবি এম বেবীযে মননশীল বক্তব্য আগবঢ়াই।

অনুষ্ঠানৰ সতে ৰজিতা খুৱাই বিদ্যালয়ত চিত্ৰাংকণ, দেশপ্ৰেম মূলক ৰচনা লিখা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । দৃষ্টি আকৰ্ষক অনুষ্ঠানতেই ১২গৰাকী ভাৰতীয় সেনা বাহিনীৰ জোৱান আৰু প্ৰাক্তন সেনা জোৱান ক্ৰমে ৰাম মোহন গগৈ, ফুলেশ্বৰ গগৈ, ধ্ৰুৱ দত্ত, বুদ্ধিজ্যোতি দাস, ধনী ৰাম ডেকা, পূৰ্ণানন্দ গগৈ, পুস্প্ৰেশ্বৰ বৰুৱা, জুন দাস, তুলসী গগৈ, বিজয় চেতিয়া আৰু টুছিল কোঁৱৰক জাতীয়বস্ত্ৰ গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত অমৃত মহোৎসৱৰ কাৰ্যসূচী
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীঃ উত্তপ্ত বিটিআৰৰ ৫ জিলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in