অনাগত আঢ়ৈ বছৰত আৰু ২৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব চৰকাৰে : মন্ত্ৰী পীয়ুষ হাজৰীকা

অনাগত আঢ়ৈ বছৰত আৰু ২৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব চৰকাৰে : মন্ত্ৰী পীয়ুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
অনাগত আঢ়ৈ বছৰত আৰু ২৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব চৰকাৰে : মন্ত্ৰী পীয়ুষ হাজৰীকা

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাৰ লালুকস্থিত লালুক গণ ভৱন খেলপথাৰত নৱ গঠিত ৭৪ নং ৰঙানদী বিধানসভা সমষ্টি ভিত্তিক এখনি বিশাল গণ সমাৱেশত সম্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই। জনসভাত ৰাইজক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে, সাধাৰণতে ৰাজনীতিবিদে নিৰ্বাচনৰ সময়ত নানান প্ৰতিশ্ৰুতি প্ৰদান কৰে। নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ পাছত সেই প্ৰতিশ্ৰুতি বিলাক পাহৰি যায়। কিন্তু নিৰ্বাচনৰ সময় দিয়া ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পালন কৰি দেখুৱালে।

প্ৰতিশ্ৰুতি অনুসৰি মহিলাৰ মাইক্ৰফাউনেঞ্চৰ ঋণ মাফৰ বাবে বেংক সমূহক প্ৰায় ২০০০ কোটি টকা চৰকাৰে ঘূৰাই দিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ১ লাখ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰে ইতিমধ্যে ৮৭ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, কোনোধৰণৰ টকা-পইচা নিদিয়াকৈ নিকাভাৱে আগন্তুক ৬ মাহৰ ভিতৰত আৰু ১৫ হাজাৰ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনাগত আঢ়ৈ বছৰত আৰু ২৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী হাজৰীকাই।

বিজেপি চৰকাৰৰ দৰে একেদিনাই ৪৮ হাজাৰ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি প্ৰদান কৰাৰ কথা আন কোনোৱে ভাৱিবৈ পৰা নাছিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ চৰকাৰৰ দিনত টকা দি দি চাকৰি পাবলৈ সক্ষম হৈছিল কিন্তু বিজেপি চৰকাৰৰ দিনত হোৱা এই বিশাল চৰকাৰী নিযুক্তিত অসমৰ দৰিদ্ৰ পৰিয়ালৰ বহুজনে নিযুক্তি লাভ কৰিছিল।

কংগ্ৰেছৰ দিনত অসম লোকসেৱা আয়োগৰ নিযুক্তিত এটা এটা চাকৰিৰ দাম ৫০ লাখ পৰ্যন্ত উঠিছিল বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। বিজেপি চৰকাৰৰ দিনতেই গাঁৱৰ সাধাৰণ লোকৰ লৰাইও তেনে চাকৰি লাভ কৰাৰ দিন আহিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ লাখ লাখ অৰোণোদয় আঁচনি লাভ কৰা লোকক ৰাজহুৱাকৈ কথা দিয়ে যে, অতিসোনকালে আঁচনিৰ ধন ১৪০০ টকালৈ বৃদ্ধি কৰা হ'ব। লগতে নতুনকৈ ৬ লাখ মহিলাক এই আঁচনিৰ আওটালৈ অনাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

এনেদৰেই অসমৰ পৰা দুখীয়া শব্দটো নাইকিয়া কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বিজেপি চৰকাৰৰ দিনত মহিলা আত্মসহায়ক গোটক বহুবেছি পৰিমাণে আৰ্থিক সকাহ দিয়া হৈছে বুলি মন্তব্য কৰে তেখেতে। কংগ্ৰেছ চৰকাৰৰ দিনত অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ আছিল। বিজেপি চৰকাৰৰ দিনত অসমত মেডিকেল কলেজ ১২খনলৈ বৃদ্ধি পোৱাৰ কথা মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানেও ৰাজ্যত আৰু ১২খন মেডিকেল কলেজৰ কাম পুৰ্ণগতিত চলি আছে। ৰাইজৰ স্বাস্থ্যৰ প্ৰতি দায়বদ্ধ হৈ মুখ্যমন্ত্ৰী আয়ুষমান আঁচনিৰ জৰিয়তে ৫ লাখ টকাকৈ স্বাস্থ্য বীমা দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

বিগত ৭ বছৰত লখিমপুৰকে ধৰি ওচৰৰ সকলো অঞ্চলৰ ৰাস্তা-ঘাত যথেষ্ট উন্নত হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনৰ সময়ত ভূপেন বৰা তথা কংগ্ৰেছে যিটি কথা কয়, নিৰ্বাচনৰ ফলাফল প্ৰকাশ নহওতেই চৰকাৰ গঠন কৰাৰ কুচকাৱাচ কৰি ৰিজৰ্টত বাহৰ পাতে। কিন্তু পৰিষদীয় হওক, লোকসভা, বিধানসভা প্ৰতি নিৰ্বাচনতেই বিজেপিৰ পক্ষতেই ৰাইজে আস্থা প্ৰদান কৰে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। নিৰ্বাচনৰ পিছত কংগ্ৰেছ নেতা ভৰত নৰহে নিজ সমষ্টি নাওবৈচালৈ মাত্ৰ ৫ দিনহে আহিছে বুলি কটাক্ষ কৰে মন্ত্ৰী হাজৰীকাই। নিজ সমষ্টিত থাকি সমষ্টিবাসীৰ বাবে কাম কৰা ভাৰতবৰ্ষৰ শীৰ্ষ দহ জন সাংসদৰ ভিতৰত প্ৰদান বৰুৱা এজন বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কেইবাবাৰো নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছত এইবাৰ ৰঙানদী সমষ্টিত নিৰ্বাচন খেলাৰ মন মেলিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। কিয় এই সমষ্টি ভূপেন বৰাৰ প্ৰথম পচন্দৰ তাৰো কাৰণ ব্যাখ্যা কৰিলে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, ৰঙানদী সমষ্টিত ৩০ শতাংশ সংখ্যালঘু ভোটাৰ আছে। সেইবাবে এই সমষ্টিত নিৰ্বাচন খেলাৰ মন মেলিছে বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতেই অসমত এমএচপি ব্যৱস্থা প্ৰবৰ্তন হৈছে। যাৰ ফলত ৰাজ্য কৃষকসকলে ধানৰ উকৃষ্ট মূল্য লাভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। দেশৰ উন্নয়নৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধামন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবলৈ আগন্তুক বিজেপি দলক ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনায় মন্ত্ৰী পীযুষ হাজৰীকাই।

সমাৱেশত সন্মানীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, বিধায়ক মানৱ ডেকা ডাঙৰীয়া, ড° অমিয় কুমাৰ ভূঞা ডাঙৰীয়া, আমাৰ দলৰ জিলা সভাপতি ফনীধৰ বৰুৱা ডাঙৰীয়া সহিতে দলৰ জিলা-মণ্ডল-বুথ তথা বিভিন্ন মৰ্চাৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

Also Read: দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত শীঘ্ৰেই চৰকাৰক পদক্ষেপ লোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

piyush hazarika