পূজাৰ বতৰত ঢকুৱাখনাত চুলাই বিৰোধী অভিযান

পূজাৰ বতৰত ঢকুৱাখনাত চুলাই বিৰোধী অভিযান

author-image
Asomiya Pratidin
New Update
পূজাৰ বতৰত ঢকুৱাখনাত চুলাই বিৰোধী অভিযান

ডিজিটেল সংবাদ ,ঢকুৱাখনা : শাৰদীয় দুৰ্গোৎসৱৰ মাদকতাই সমগ্ৰ ঢকুৱাখনা উপজিলা আচ্ছন্ন কৰি ৰখাৰ সময়তে ঢকুৱাখনা আবকাৰী চক্ৰ তৎপৰ হৈ পৰিছে অবৈধ সুৰাৰ বিৰুদ্ধে । পূজাৰ বতৰত সমজিলাখনৰ সামাজিক পৰিবেশ যাতে বিঘ্নিত নহয় তাৰ বাবে ঢকুৱাখনা আবকাৰী চক্ৰই অহৰ্নিশে তৎপৰতা প্ৰদর্শন কৰি আহিছে ।

ধাৰাবাহিক হাৰত অবৈধ সুৰা বিৰোধী অভিযান চলাই উৎখাত কৰি আহিছে বহু সংখ্যক চুলাই ভাটি । ঢকুৱাখনা  চক্ৰৰ নৱনিযুক্ত চক্ৰ পৰিদৰ্শক পৰাগ চেতিয়াৰ নেতৃত্বত এটা আবকাৰী বিভাগৰ দলে বুধবাৰে চলাই অবৈধ চুলাই বিৰোধী অভিযান । 

অভিযান কালত বহু কেইটা চুলাই ভাটি উচ্ছেদ কৰি বহু পৰিমাণৰ অবৈধ সামগ্ৰী জব্দ কৰে । দলটোৱে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া ,ভাটি ফুকন গাঁও , লাহিবাৰী আৰু জালভাৰী আদি গাঁৱত চলোৱা অভিযান কালত প্ৰায় ২১০ লিটাৰ চুলাই প্ৰস্তুত কৰা "পাজ" , প্ৰায় ২০লিটাৰ চুলাই , ৩টা চুলাই বনোৱা সা সঁজুলি উদ্ধাৰ কৰি থলিতে বিনষ্ট কৰে । আবকাৰী দলটোৱে ভৱিষ্যতে এনে নিষিদ্ধ বেহা নকৰিবলৈ  পৰিয়ালসমূহক সকীয়াই দি অন্যথাই কঠোৰ আইনগত শাস্তি বিহাৰ সকীয়নী দিয়ে ।

Also Read: জামুগুৰিহাটৰ তৌভঙা বনিক সন্থাৰ উদ্যোগত দুৰ্গা পূজা উদযাপন

dhakuakhana