ঢকুৱাখনাত অৰুণাচলী সুৰা জব্দ: আটক ৩ সৰবৰাহকাৰী

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা:  গোগামুখৰ পৰা ঘিলামৰাহৈ ঢকুৱাখনালৈ বৰ্হিৰাজ্য অৰুণাচল প্ৰদেশৰ  সুৰাৰ এখন ভয়ংকৰ বেহা সুদীর্ঘ দিন ধৰি চলি আহিছে। আৰক্ষীক মেনেজ কৰি এক অসাধু চক্ৰই মুকলিভাৱেই এক ৰমৰমিয়া বেহা চলাই থকাৰ বাবেই ঢকুৱাখনাবাসীৰ জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি নামি আহিছে ।

নিৰ্দিষ্ট দিনত ৰাজপথেৰে মুকলিকৈ সৰবৰাহ কৰা এই অৰুণাচলী সুৰাৰ গোপন বেহা বুধবাৰে আকৌ উন্মোচিত হয়  ঢকুৱাখনাত।  ঢকুৱাখনা আবকাৰী চক্ৰৰ অন্তৰ্গত টুৰিবাৰী গাঁওত বুধবাৰে আবকাৰী বিভাগৰ অভিযান কালত প্ৰায় ৮ কাৰ্টুন অৰুণাচলী বিদেশী সুৰা উদ্ধাৰ হয়।

জানিব পৰা মতে আবকাৰী বিভাগৰ গুৱাহাটীৰ এটা  দলে ঢকুৱাখনা আবকাৰী বিভাগৰ সূত্ৰ অনুসৰি টুৰিবাৰী গাঁওত এক অভিযান চলাই। বুধবাৰে 'আবকাৰী ইন্টেলিজেনছ ব্যুৰ'ৰ পৰিদৰ্শক ইমতিয়াজ আলি আৰু ঢকুৱাখনা আবকাৰী বিভাগৰ চক্ৰ পৰিদৰ্শক  ভূপেন শইকীয়া , সহকাৰী আবকাৰী উপ পৰিদৰ্শক আনিছ কালামৰ সহযোগত চলোৱা হয় অভিযান।

অভিযান কালত গাঁওখনৰ অঞ্জন পেগুৰ ঘৰৰ দোকানৰ পাছফালে লুকুৱাই ৰখা অৱস্থাত উক্ত অবৈধ সুৰা খিনি জব্দ কৰে। জব্দকৃত সুৰাখিনি আবকাৰী বিভাগে জিম্মাত লৈছে। অভিযানকাৰী দলটোৱে সুৰাখিনি মজুতকাৰী অঞ্জন পেগু সহ দুজনক আটক কৰি অসম আবকাৰী আইনৰ অধীনত তিনিটা গোচৰ ৰুজু কৰিছে ।

ei muhurtar khabar
বিশ্বকাপৰ পাছত আহি আছে লিজেণ্ডছ মহাদেশীয় টি-২০ ক্ৰিকেট লীগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in