ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজপথৰ ওপৰত অথবা দাঁতিত আপোনাৰ অঞ্চলত উন্মুক্ত দ গাঁত কিম্বা সুচল যাতায়তৰ ক্ষেত্ৰত মানৱ সৃষ্ট কিবা প্ৰতিবন্ধক আছে নেকি ? যদিহে আছে সময় নষ্ট নকৰি তেনে বিপদসংকুল প্ৰতিবন্ধকতা দূৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ মবাইলৰ পৰা এটা মাত্ৰ বাৰ্তা প্ৰেৰণ কৰক অথবা ক'ল কৰক ।
জনদায়বদ্ধতাৰ স্বাৰ্থত লখিমপুৰ জিলা প্ৰশাসনে আপোনাৰ জীৱন সম্পত্তিৰ সম্পূৰ্ণ নিৰাপত্তা প্ৰদানৰ বাবে এই বিপদসংকুল প্ৰতিবন্ধকতা দূৰ কৰাৰ ক্ষীপ্ৰ আৰু তড়িৎ কার্য ব্যৱস্থা গ্ৰহণ কৰিব । লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত সত্বৱানে জিলাবাসীক এই মুকলি আহ্বান জনাইছে ।
দেওবাৰে ৰাইজৰ জ্ঞাতাৰ্থে জাৰি কৰা ডি এম ২০/৫/২০২৩/৪২১৪৩ নং জাননী যোগে জিলা উপায়ুক্ত তথা জিলা কাৰ্যবাহী দণ্ডাধীশ গৰাকীয়ে জনজীৱনলৈ ভাবুকি আৰু বিপদ মাতি অনাৰ পূৰ্ণ সম্ভাৱনা থকা ৰাষ্ট্ৰীয় ঘাইপথ, লোকনিৰ্মাণ বিভাগৰ পথ আৰু গাঁও পঞ্চায়ত, পৌৰ সভাৰ এলেকাৰ লগতে অন্য ৰাজহুৱা স্থানত চৰকাৰী বিভাগ আৰু ব্যক্তিগত খণ্ডৰ অনুষ্ঠানৰ নিৰ্মাণৰ বেলিকা সৃষ্টি হোৱা এনে উন্মুক্ত, অসুৰক্ষিত গাঁত আৰু বিপদজনক স্থান সন্দৰ্ভত কিবা তথ্য থাকিলে জিলা প্রশাসনৰ ট'ল ফ্ৰি নম্বৰ ১০৭৭ , লেণ্ডলাইন ফোন নম্বৰ ০৩৭৫২ ২৪৫৭৬১ আৰু মবাইল নম্বৰ ৬০০০১ ৮৮৬২৮ নম্বৰত যিকোনো সময়ত অৱগত কৰাৰ আহ্বান জনাইছে।
তাৰোপৰি জিলা প্ৰশাসনৰ টুইটাৰ হেণ্ডল @Lakhimpur Dist আৰু ফেচবুক পেজ-District Administration Lakhimpur ৰ জৰিয়তেও উক্ত স্পৰ্শকাতৰ বিষয়ৰ সন্দৰ্ভত তথ্য অৱগত কৰাৰ বাবে জনসাধাৰণলৈ আহ্বান জনাইছে। এখন সুৰক্ষিত লখিমপুৰ জিলা গঢ়াৰ ক্ষেত্ৰত জিলা উপায়ুক্ত গৰাকীৰ এই সময়োপযোগী পদক্ষেপত সৰ্বসাধাৰণ নাগৰিকৰ সহযোগিতা নিশ্চিতভাৱেই কাম্য ।
উল্লেখ্য যে ঢকুৱাখনা মহকুমাটোৰ এনে বহু কেইটা স্পৰ্শকাতৰ ক্ষেত্ৰ সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত সোমবাৰে এক বাতৰি প্ৰচাৰ হৈছিল । ইয়াৰ পাছতেই ঢকুৱাখনাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতাই বাতৰিত উল্লেখ থকা বিপদজনক স্থান সমূহ পৰিদর্শন কৰি যাৱতীয় কার্যব্যৱস্থা গ্ৰহণৰ জৰুৰী পদক্ষেপ হাতত লৈছে ।
Also Read: লামডিঙৰ ১ নং খাঙাৰগাঁৱৰ পথে জ্বলা-কলা খুৱাইছে ৰাইজক...