মিচিং জাতীয় সংগঠনৰ উদ্যোগত যুৱ উশৃংখল আৰু মাদক দ্ৰব্য নিবাৰণৰ সজাগতা সভা

মিচিং জাতীয় সংগঠনৰ উদ্যোগত যুৱ উশৃংখল আৰু মাদক দ্ৰব্য নিবাৰণৰ সজাগতা সভা

author-image
Asomiya Pratidin
New Update
মিচিং জাতীয় সংগঠনৰ উদ্যোগত
যুৱ উশৃংখল আৰু মাদক দ্ৰব্য নিবাৰণৰ সজাগতা সভা

ডিজিটেল সংবাদ, ঢকুৱাখনা: সাম্প্ৰতিক সময়ত ঢকুৱাখনা মহকুমাৰ সৰ্বত্ৰতে ভয়ানক হাৰত গা কৰি উঠিছে নিচাযুক্ত সামগ্ৰীৰ অবৈধ প্ৰচলন । আৰক্ষী , অভিভাৱকৰ জ্ঞাতে অজ্ঞাতে ভয়ানকভাৱে প্ৰচলন বৃদ্ধি পোৱা ভাং , মদ, ড্ৰাগছ আদিৰ কৰাল গ্ৰাসত পৰি একাংশ যুৱ প্ৰজন্ম অবাটে বাট বোলা পৰিলক্ষিত হোৱাই নহয় সামাজিক উশৃংখল পৰিবেশৰ সূত্ৰপাত ঘটিছে ।

এনে প্ৰেক্ষাপটত ৰাইজ ,অভিভাৱক আৰু সংগঠনৰ সামূহিক দায়বদ্ধতাৰ প্ৰয়োজনীয়তা দোহাৰি দেওবাৰে এক জনসজাগতা সভা অনুষ্ঠিত কৰা হয় ঢকুৱাখনাত । মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাং ,মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ এই সন্দৰ্ভত দীৰ্ঘকালীন কৰ্মসূচীৰ অংশ হিচাপে দেওবাৰে পূব ঢকুৱাখনাত ইন্দুৰ গাঁও উন্নয়ন সমিতি আৰু যোগীসুঁতি গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত যুৱ উশৃংখল আৰু মাদক দ্ৰব্য নিবাৰণ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয় ।

পমা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতা সভাত অঞ্চলবাসী ৰাইজৰ লগতে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়া, আবকাৰী বিভাগ ,ঢকুৱাখনা সদৰ থানাৰ প্ৰতিনিধিও উপস্থিত থাকে। এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ যুটীয়া সম্পাদক অমৃত দলেয়ে সভাৰ আঁত ধৰে।

জনাকীৰ্ণ সজাগতা সভাত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়া , টাকাম মিচিং পৰিণ কৌবাংৰ পুৱ ঢকুৱাখনা আঞ্চলিক সমিতিৰ সভাপতি মনোজ দাৰিক গাঁওৰক্ষী বাহিনীৰ সভাপতি জনলাল দলে ,নায়ক যতীন দলে, সদস্য ফুলেন লাগাছু , ৰাজ কুমাৰ টায়ে, দামোদৰ মিচং ,পদ্মেশ্বৰ পেগু, ভাইটি লাগাছু , তোলাৰাম মিচং আৰু কেইবাগৰাকীও সদস্য সদস্যা আৰু শিক্ষাবিদ উপস্থিত থাকি বক্তব্য আগবঢ়ায় ।

এখন সুস্থ আৰু শান্তি প্রিয় সমাজৰ প্ৰতি ভাবুকি নমাই অনা এই অবৈধ আৰু নিষিদ্ধ নিষিদ্ধ নিচাযুক্ত সামগ্ৰীৰ অবাধ প্ৰচলন ৰোধত ৰাইজৰ সামূহিক সজাগতা আৰু কঠোৰ অনুশাসন অতীৱ প্ৰয়োজনীয়তা দোহাৰে । যুৱ প্ৰজন্মক এনে নিচাযুক্ত সামগ্ৰীৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰি, যুৱ উশৃংখলতা ৰোধ কৰি সঠিক পথেৰে আগুৱাই নিয়াত প্ৰতিগৰাকী সচেতন ব্যক্তি , সকলো সংগঠন , শিক্ষাবৰ্তী ৰাইজৰ সমূহীয়া প্ৰচেষ্টা জৰুৰী বুলি সভাই মত পোষণ কৰে ।

সভাত এই ক্ষেত্ৰত আৰক্ষী ,আবকাৰী বিভাগৰ অধিক সক্ৰিয়তা দাবী কৰি সকলোৱে একত্ৰিত হৈ সমাজৰ পৰা এই ভয়ানক বিষবাষ্পৰ কলা বেহা উৎখাত কৰাৰ সহমত পোষণ কৰা হয় । ইয়াৰ বিপৰীতে এনেবোৰ বিপথগামী যুৱ প্ৰজন্মক সঠিক পথৰ সন্ধান দি এখন প্ৰগতিশীল সমাজ গঠনত সহায়ক হবলৈ নিজস্ব কৰ্মত ব্ৰতী কৰাবলৈ অভিভাৱক আৰু সমাজ,সংগঠনৰ কৰণীয়তা সমূহ বিশ্লেষণ কৰা হয় ।

সভাত ৰাইজৰ সজাগতাইহে সামাজিক উশৃংখলতা আৰু এনে মাদক দ্ৰব্যৰ অবাধ প্ৰচলন ৰোধ কৰাটো সম্ভৱ বুলি সকলোৱে একেমুখে দোহাৰী এই ক্ষেত্ৰত মিচিং জাতীয় সংগঠন আৰু অন্য উদ্যোগক্তা সংগঠন সমূহে পূৰ্বতকৈ অধিক তৎপৰতা গ্ৰহণ কৰাটো সভাই কামনা কৰে।

Also Read: দল বিৰোধী কাৰ্যকলাপত লিপ্ত আপৰ ৫ কৰ্মীক বহিষ্কাৰ

dhakuakhana