ডিজিটেল সংবাদ ঢকুৱাখনা: এক নিৰ্মম হত্যাকাণ্ড সংঘটিত হৈছে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গুৱালদৈ বাটমাৰী গাঁওত। গাঁওখনৰ ইন্দ্ৰ শইকীয়া (দ্ৰোণ) আৰু সোনমনি শইকীয়াৰ একমাত্ৰ পুত্ৰ অতুল শইকীয়া(২৬)ক যোৱা ১৫ আগষ্টৰ নিশা প্ৰায় ৮-২০ বজাত কোনো অজ্ঞাত দুৰ্বৃত্তই নিৰ্মম ভাবে আক্ৰমণ কৰি মুমূৰ্ষু অৱস্থাত গুৱালদৈ বাটমাৰী তিনিআলিত পেলাই দিছিল ।
মূৰ, পিঠি, গুহ্যদ্বাৰ,হাত ভৰি আদি সৰ্ব শৰীৰত অমানুষিক ভাবে প্ৰহাৰ কৰি নিষ্প্ৰাণ কৰি তোলা যুৱকজনক পৰৱৰ্তী সময়ত মাছখোৱা সামূহিক চিকিৎসা কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰা হয়। জখমৰ গুৰুতৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিত যুৱকজনক পৰিয়ালৰ তৰফৰ পৰা নিশাই ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰি জৰুৰীকালীন চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে।
কিন্তু বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১০-৩০ বজাত চিকিৎসালয়খনতে অতুল শইকীয়াই শেষ নিশ্বাস ত্যাগ কৰে। অতি অমায়িক স্বভাৱৰ যুৱকগৰাকীৰ আত্মীয় স্বজনে এই সন্দৰ্ভত এক গোচৰ ঘিলামৰা থানাত দাখিল কৰিছে। নিহতৰ পৰিয়ালৰ অভিযোগ ১৫ আগষ্টৰ দিনত তিনিজন সহপাঠী বন্ধুৰ সৈতে প্ৰীতিভোজ খাবলৈ ঘৰৰ পৰা ওলাই যোৱা অতুল শইকীয়াই ঘটনা সংঘটিত হোৱা ১৫ আগষ্টৰ নিশা প্ৰায় ৮-৩০ বজাত মাতৃৰ সৈতে মোবাইলৰ জৰিয়তে কথা পাতিছিল।
সহপাঠী বন্ধুসকলৰ লগত গুৱালদৈ বাটমাৰী গাঁও তিনি আলিত উক্ত সময়ত কথা পাতি থকা বুলি স্বাভাৱিক ভাবেই মাতৃক ব্যক্ত কৰাৰ পাছতেই লগত থকা তিনিজন যুৱকে পৰিয়ালৰ অজ্ঞাতে আকস্মিক ভাবে আহত যুৱজনক মাছখোৱা চিকিৎসালয়ত ভৰ্তি কৰাইছিল। ঘটনাৰ সন্দৰ্ভত ওচৰতে থকা পিতৃ, মাতৃক অৱগত নকৰাকৈ আহত যুৱকজনক চিকিৎসালয়লৈ নিয়া সন্দৰ্ভত ৰহস্যৰ উমান পোৱা গৈছে।
তাৰোপৰি একেলগতে প্ৰীতি ভোজ খোৱা তিনি বন্ধু ক্ৰমে মাছখোৱা থানাৰ অন্তৰ্গত যোৰকতা গাঁওৰ নিপু সন্দিকৈ, বিলতিয়া গাঁৱৰ হোমেন শইকীয়া আৰু ঘিলামৰা থানাৰ অন্তৰ্গত বৰহুলা গাঁওৰ দিগন্ত কোঁচৰ আচৰণৰ ওপৰতো সন্দেহৰ আঙুলি উঠিছে। প্ৰাপ্ত তথ্য মতে এই তিনি যুৱকেই গুৰুতৰ ভাবে আহত বন্ধু অতুলক মাছখোৱা চিকিৎসালয়ত ভৰ্তি কৰাইছিল উক্ত নিশা প্ৰায় ১০-২৫ বজাত।
ঘিলামৰা আৰক্ষীয়ে এই সন্দৰ্ভত পঞ্জীভূত গোচৰৰ তদন্ত আৰম্ভ কৰি সহযোগী বন্ধুসকলক সোধা পোছাৰ বাবে থানালৈ তলব কৰিছে। কিন্তু লক্ষ্যণীয় ভাবে এজন সহযোগী বৰসোলা গাঁওৰ দিগন্ত কোঁচক আৰক্ষীয়ে তদন্তৰ খাতিৰত থানালৈ আনিবলৈ সক্ষম হৈছে যদিও অন্য দুগৰাকী বন্ধু ঘটনা সংঘটিত হোৱাৰ পাছৰ পৰাই ঘৰৰ পৰা আঁতৰি আছে বুলি জনা গৈছে ।
ঘটনা সন্দৰ্ভত আৰক্ষীক সহযোগিতা নকৰি আত্মগোপন কৰা এনে সন্দেহযুক্ত আচৰণ আৰু পদক্ষেপৰ বাবে ঘটনাই নতুন মূৰ লোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ পশ্চিম মাছখোৱা অঞ্চলত শোকৰ ছাঁ পেলোৱা এই মৰ্মান্তিক ঘটনাৰ সতে জড়িতসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে শোকাচন্ন ৰাইজ আৰু আত্মীয় স্বজনে।
এই তিনি সতীৰ্থক জেৰা কৰিলেই ঘটনাত জড়িত হত্যাকাৰী চিনাক্ত হ'ব বুলি ৰাইজে মত প্ৰকাশ কৰিছে ।
Also Read: বিধ্বস্ত সমষ্টিঃ কুম্ভকৰ্ণ নিদ্ৰাত ৰাইজক উন্নয়নৰ সপোন দেখুওৱা জন প্ৰতিনিধি...