স্বায়ত্ব শাসিত স্বীকৃতিত উল্লাসিত ঢকুৱাখনা মহাবিদ্যালয় পৰিয়াল

স্বায়ত্ব শাসিত স্বীকৃতিত উল্লাসিত ঢকুৱাখনা মহাবিদ্যালয় পৰিয়াল
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখন স্বগৰিমাৰে সমুজ্জল হৈ পৰিল। ঢকুৱাখনাৰ শৈক্ষিক ইতিহাস সমৃদ্ধ কৰি অহা ঢকুৱাখনা মহাবিদ্যালযে আজুৰি আনিবলৈ সক্ষম হয় এক বিৰল শৈক্ষিক স্বীকৃতি। ১৯৬৬ চনতে প্ৰাণ প্ৰতিষ্ঠা হোৱা ঢকুৱাখনা মহাবিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগে শুকুৰবাৰে স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰিছে। উত্তৰ অসমৰ অন্যতম উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিকাৰী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়লৈ এই স্বীকৃতি প্ৰদানৰ পাছতে সন্তুষ্টিৰ বন্যা প্ৰবাহিত হৈছে ঢকুৱাখনাৰ সৰ্বত্ৰতে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ, 'নাক'ৰ 'এ' গ্ৰেড প্ৰাপক অগ্ৰণী অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা এই সৰ্বোচ্চ স্বীকৃতিযে ঢকুৱাখনাৰ স্বকীয় শৈক্ষিক স্বাভিমান পুনৰবাৰ সমুজ্জল কৰা বুলি শিক্ষাব্ৰতী ৰাইজ আৰু মহাবিদ্যালয় পৰিয়ালে অনুভৱ কৰিছে। মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে বিগত ২৭ আগষ্টত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয় অনুদান আয়োগৰ এক উচ্চস্তৰীয় বৈঠকত ঢকুৱাখনা মহাবিদ্যালয়ক স্বায়ত্ব শাসিত মহাবিদ্যালয়লৈ উন্নীত কৰাৰ চৰ্তসাপেক্ষ অনুমোদন প্রদান কৰাৰ কথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ উপ-সচিব ড০ গোপী চান্দ মেৰেগু স্বাক্ষৰিত পত্ৰযোগে অৱগত কৰিছে।

যোৱা ৪ ছেপ্টেম্বৰত স্বাক্ষৰিত স্বীকৃতি পত্ৰখন শনিবাৰে লাভ কৰাৰ লগে লগে মহাবিদ্যালয়খনৰ শিক্ষক,কৰ্মচাৰী আৰু ছাত্র-ছাত্রীসকলৰ মাজত সন্তুষ্টিৰ বন্যা বয়। মহাবিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী, কৰ্মচাৰী সমন্বিতে মহাবিদ্যালয় পৰিয়ালে শনিবাৰে একত্ৰিত হৈ মহাবিদ্যালয় প্ৰাঙ্গনত বিহু মাৰি, নাচি বাগি আনন্দত আত্মহাৰা হয় । সকলোৱে বিৰল স্বীকৃতি প্ৰাপ্তিৰ ক্ষণত একাত্ম হৈ আনন্দত মতলিয়া হৈ অৱতৰিয়া বিহু পৰিৱেশ সৃষ্টি কৰে মহাবিদ্যালয়ৰ চৌহদত।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ যোগানন্দ সূতৰ নিৰন্তৰ আত্মোৎস্বৰ্গী কৰ্মস্পৃহা আৰু মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীৰ সহযোগিতাৰ উৎকৃষ্ট ফচল এই স্বীকৃতিযে নব্য বিদ্যায়তনিক যাত্ৰাত ইস্পিত সুমিষ্ঠ ফল প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰিব বুলি শিক্ষাসদী ৰাইজে আশা প্ৰকাশ কৰিছে। শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে উত্তৰ অসমৰ গৌৰৱ মহাবিদ্যালয়খনৰ পৰিয়াললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱেও মহাবিদ্যালয় পৰিয়াললৈ অভিনন্দন জনাইছে।

স্বায়ত্ব শাসিত স্বীকৃতিত উল্লাসিত ঢকুৱাখনা মহাবিদ্যালয় পৰিয়াল
ঢকুৱাখনাত জনজাতিৰ স্বীকৃতিৰ দাবীৰে কোচ ৰাজবংশীৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in