ঘিলামৰাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা সম্পন্ন

ঘিলামৰাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা সম্পন্ন

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা সম্পন্ন

ডিজিটেল সংবাদ, ঢকুৱাখনা : কেৱল বিদ্যায়তনিক ক্ষেত্ৰখনৰ উৎকৰ্ষ সাধনেই লক্ষ্য নহয় । অসমীয়া কৃষ্টি সংস্কৃতিৰ বৰেণ্য ক্ষেত্ৰখনৰ উত্তৰণ প্ৰসাৰণৰ ক্ষেত্ৰতো আত্মনিয়োগ কৰি আহিছে অসম কলেজ শিক্ষক সংস্থা চমুকৈ "একটা"ই ।

ৰাজ্যখনৰ মহাবিদ্যালয়সমূহত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ মাজৰ সুপ্ত প্ৰতিভা আৱিষ্কাৰ কৰি তেনে সমুজ্জল প্ৰতিভাধৰ শিক্ষাৰ্থীক মান্যতা প্ৰদানত যথোচিত গুৰুত্ব দিয়াৰ পৰম্পৰা সৃষ্টি কৰি আহিছে "একটা"ই । তাৰেই অংশ হিচাবে বৃহস্পতিবাৰে ঘিলামৰাত অনুষ্ঠিত কৰা হয় আন্তঃমহাবিদ্যালয় ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ।

অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি ঢকুৱাখনা মণ্ডলৰ উদ্যোগত আৰু ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সহযোগত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মণ্ডলৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ মাজত এই সাংস্কৃতিক প্ৰতিযোগিতা । সংস্থাৰ ধেমাজি ঢকুৱাখনা মণ্ডলৰ অন্তৰ্গত ১২ খন মহাবিদ্যালয়ৰ পৰা মুঠ ২গৰাকীকৈ প্ৰতিযোগীযে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় নৰ্থ বেংক মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি কল্পনা কলিতাৰ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত পুষ্প বৃষ্টি আৰু বন্তি প্ৰজ্বলনেৰে ।

সংস্থাৰ ধেমাজি ঢকুৱাখনা মণ্ডলৰ সম্পাদক দীপজ্যোতি গগৈৰ মনোজ্ঞ আদৰণি ভাষণেৰে প্ৰতিযোগিতাৰ পাতনি মেলা হয় । নৰ্থ বেংক মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক , বিশিষ্ট নাট্য সাধক হৰেন শইকীয়াৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জীৱন চৰ্যা আৰু সৃষ্টিশীলতাৰ ওপৰত শ্ৰুতিমধুৰ আৰু গৱেষণালব্ধ ভাষনেৰে মঞ্চ উদ্বোধন কৰা মূল কাৰ্যসূচীত বিশ্ব বিকাশ গগৈ , অজিত শৰ্মা , ডঃ গীতাঞ্জলি বৰুৱা ,মোহিত সোণোৱাল , সাংস্কৃতিক কৰ্মী নব চেতিয়া, নিতুমনি বৰুৱা, সুভাষ দিহিঙীয়াকে প্ৰমুখ্য কৰি মণ্ডলৰ অন্তৰ্গত গৰিষ্ঠসংখ্যক মহাবিদ্যালয়ৰ ইনচার্জ আৰু অভিভাৱক উপস্থিত থাকে ।

ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয় শিক্ষক গোটৰ সম্পাদক শোভ দাসৰ বিশেষ অতিথ্য আৰু শ্ৰুতিমধুৰ সংগীতেৰে জীপাল হোৱা এই প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ খিতাপ অর্জন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ ৰিকী সূতে। একেদৰে দ্বিতীয় শ্ৰেষ্ঠ খিতাপ অর্জন কৰে নৰ্থ বেংক মহাবিদ্যালয়ৰ নিৰঞ্জন সাৰথি আৰু তৃতীয় শ্ৰেষ্ঠ খিতাপ অর্জন কৰে মৰিধল মহাবিদ্যালয়ৰ শিক্ষাৰ্থী তৰালী গগৈয়ে ।

সংগীত সূৰ্য ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজিৰ সুমধুৰ বাঙ্ময় উপস্থাপনেৰে বিধৌত হোৱা প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয় মৰিধল মহাবিদ্যালয়ৰ শিক্ষাৰ্থী ত্ৰিদিশা শৰ্ম্মাই । প্ৰতিযোগিতাৰ অন্তত "একটা"ৰ ধেমাজি ঢকুৱাখনা মণ্ডলৰ তৰফৰ পৰা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী সকলক স্মাৰক আৰু মনপত্ৰৰে সন্মানিত কৰি এই সৃজনীশীলতা আৰু সংগীত চর্চা অব্যাহত ৰখাৰ বাবে উদগনি যোগোৱা হয় ।

Also Read: জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ বাট মুকলি ! দ্বিশতকৰে উজলিল শ্ৰেয়াছ আয়াৰ

ghilamara bhupen hazarika